আঁউসী নিশা
মোৰ
গানে গৈ
আন্ধাৰক চুমা খালে
আন্ধাৰে মৰমত
উচুপি কান্দিলে
চকুপানী সিঁচি
দুবৰি বনতে থলে ৷
পুৱাৰ পোহৰে
আন্ধাৰৰ লোতকক
নতুনৰ সাধু ক’লে
বেজাৰে পোহৰে সবটা সাবটি
পৃথিৱী ধুনীয়া হ’লে
৷
(জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱে ৰচা গীত, ১৪/০৯/১৯৪৯ )
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment