অনুসন্ধান আকাংক্ষাত

Tuesday, June 26, 2012

জননীৰ সন্তান জাগা (নাটক : মানৰ দিনৰ অগ্নিসুৰ)


জননীৰ সন্তান জাগা

জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ ৷


মৃত্যু গছকি আনা জয় জিনি

কৰি দুৰ্জ্জয় অভিযান ৷


শক্তি গায়ত্ৰী মনত পেলোৱা

            হবা দুৰ্নিবাৰ

তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান

মোৰ আপোন পাহৰা দুৰ্ম্মদ বীৰ

            অজেয় নৱ-জোৱান ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: