গাঁৱৰ ঘৰৰ
মোৰ চোতালত
ৰূপৰ জোনাক পৰে
ছঁয়াময়া
সোণ সপোনৰ
অময়া ৰূপ ধৰে ৷
সোণ সূৰুযৰ
সোণৰ লিখাই
গাঁৱৰ চোতালত
সোণৰ সাধু
আঁকে বাঁকে
সোণ শইচৰ
সোণালী কপালত
সাধুত লিখিলে সৃষ্টিৰ মহামন্ত্ৰ
সোণৰ হাঁহিৰে
জনতা জাগিলে
জাগিলে জনতন্ত্ৰ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী , ২৬/০৯/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment