অনুসন্ধান আকাংক্ষাত

Friday, June 15, 2012

ইমান চনকা ঠুনুকা


ইমান

চনকা

ঠুনুকা

জুনুকা পিন্ধি চৰণত

ৰুণুক জুনুককৈ

নিজৰাৰ দৰে

জুৰজুৰণিৰে

জিৰজিৰণিৰে

কুলকুলনিৰে

লৈ গৈছ বৈ

মৌ মাখিটোৰ

গুণগুণনিৰে

কি গান গাইছ ঐ !


মনত জ্বলা মণিকা

ক্ষণত জ্বলা ক্ষণিকা

মৌ চাওঁতেই নোহোৱা হলি

বিজুলি বেগেৰে গলি

খন্তেকলে জ্বলি ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: