অ’ সখী আজি যৌৱন বন জুৰি
বন-বসন্ত মুঞ্জৰি
পাতে
বৰণৰে মেলা,
হাঁহা সখী মোৰ হাঁহা
সখী মোৰ
হাঁহিৰে
ফাকু খেলা ৷
তোৰ ৰূপৰ ফুলনিতে
শেৱালি
নেৱালি কতনো ফুল...
দশোদিশ আমোলাই কৰিছে
আকুল
ফুল বাটিৰে মৌৰে নিজৰা
বাকি দিয়া
বিয়াকুল
ৰূপ মৌ পিয়া ৷
আজি অভিনৱ তৰালি পোহৰৰ
চঞ্চল
গীতি শুনা....
তাৰ লহৰতে কঁপি কঁপি মোৰ যৌৱনৰ
জোনাকী
কাৰেঙত বাজে বীণা ৷
তাতে বাসনা-উৰ্ব্বশী
বিবসনা...
নৃত্যতে
আকুল
অ’
সখী ! যায় যে বেলা...
হাঁহা সখী মোৰ হাঁহা
সখী মোৰ
হাঁহিৰে
ফাকু খেলা ৷৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত, ‘ৰূপালিম্’ নাটকত দিছে ]
[ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া]
No comments:
Post a Comment