তোক মই দেখা নাই
বিয়াকুল হৈ বিচাৰি ফুলিলে
তোক
জানো লগ পাই ?
মোৰ চকুৰ
মণিত তোৰ, ছবি জ্বলা নাই,
মনে
তোৰ কথা বুজা নাই,
তথাপি মই তোক ভাল পাওঁ
নেদেখিও তোক
নিবুজিও তোক
তোৰে
গানকে গাওঁ
নেদেখা নমনা ছবিকে বিচাৰি
জীৱনে
জীৱনে যাওঁ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
১১/০৯/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment