অনুসন্ধান আকাংক্ষাত

Friday, June 15, 2012

অ’ আমাৰ গাঁও


আমাৰ গাঁও

আমাৰ গাঁৱৰ মান ৰাখি

মৰিবলৈ যাওঁ আমি

          মৰিবলৈ যাওঁ ৷


ভৰপূৰ তামোলৰে

সেউজীয়া পথাৰৰ

দূৰতে জিলিকি থকা

          অ আমাৰ গাঁও !


দেশৰ হকে মৰিব পৰা

আমাৰ গাঁৱৰ ডেকা লৰা

ডেকেৰী নহয় পাছ পৰা

          অ আমাৰ গাঁও ৷




একঠা মাটি মই উপজিয়ে পাওঁ


এমুঠি পেটৰ ভাত


এখনি কপোৰ গাত


          আজি কিয় তাকো নাপাওঁ ?




এই মাটি মোৰ অধিকাৰ


মোৰে ভাত মোৰে কাপোৰ


মোৰে দেশ আজি মই


           নিজে ৰখাওঁ ৷




কালৰ মূৰ্ত্তি ধৰি 


          শতৰু মূৰত


    আকাশৰ চৰগ্‌ পেলাওঁ ৷৷




[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীতটি লভিতা নাটকত দিছে]
[ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া]

No comments: