অনুসন্ধান আকাংক্ষাত

Thursday, June 28, 2012

জাগা জননীৰ সন্তান


জাগা জননীৰ সন্তান

জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ ৷


মৃত্যু গছকি আনা জয়জিনি

কৰি দুৰ্জ্জয় অভিযান ৷


কৰ্ম্মহীনতা কাপুৰুষতাই

তোমাক কৰিলে জয়

তুমি দুৰ্ব্বল ম্ৰিয়মান

তথাপিও নাই ভয়..

জাগা শক্তিমান জাগা মাতৃপ্ৰাণ ৷


শক্তিগায়ত্ৰী মনত পেলোৱা হবা দুৰ্নিবাৰ

তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান ৷


মোৰ আপোন পাহৰা দুৰ্ম্মদ বীৰ

অজেয় নৱ-জোৱান

জাগা শক্তিমান জাগা মাতৃপ্ৰাণ ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: