গাঁৱৰ ল’ৰা গাবি গাঁৱৰ
নাম
গাঁৱৰ ল’ৰা চাবি গাঁৱৰ ধান
ৰাখি গাঁৱৰ মান
গাঁৱত থাকিও
বিশ্বজগত চাবি
মনৰ হাবি
ভাঙি-চহাই
সোণৰ শইচ খাবি
বন গীতটো পেঁপাত বজাই
পথাৰ বাটে যাবি
বাৰে চহৰৰ বৰ সবাহত
বৰ গীতটো গাবি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী, ২৬/০৯/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment