Assamese Song: Kuney
Matey Diney Diney (Duet)
Album: Krishna
Chura
Singer: Hemanti
Sukhla
Music Director: Suman
Chatterjee
Year: ?
অ' !
কোনে মাতে ৰিণি ৰিণি !
শুনা সেয়া প্ৰতিদ্ধনি
তিহিতি পেপাঁৰ সুৰে
কৰিলে হিয়াত..
আকুল বিয়াকুল..
কোনে মাতে ৰিণি ৰিণি !
শুনা সেয়া প্ৰতিদ্ধনি
তিহিতি পেপাঁৰ সুৰে
কৰিলে
হিয়াত..
আকুল বিয়াকুল..
কোনে মাতে ৰিণি ৰিণি !
বৰষাৰ সেউজ পথাৰ
তাতে এই কোমল বতাহ !
মুখৰেই লাগি সাকুঁ
নাচা কিয় তুমি বাৰু ?
গধুলীৰ গৰু গাড়ী
আকাশত ৰঙীন ধূলি
এই সঁচা স্বৰ্গ এৰি
কোন হয় চহৰ মুখী !
কোনে মাতে ৰিণি ৰিণি !
অ !
অ !
গাগৰিত পিচলি পৰা
যৌৱনৰ উঠন গঢ়া
নিজস্ব সহজ সৰল
মানুহৰ মনৰ কথা
দূপৰৰ নিজান ঘাটত
মুখনি চোৱাৰে লাজত
নিজকে বুজনি দিয়া
পথো এই একা বেঁকা
কোনে মাতে ৰিণি ৰিণি !
দূৰণিৰ কৃষ্ণচূড়া
তেজে ৰঙা স্বপ্ন ভৰা !
দূৰণিৰ কৃষ্ণচূড়া
তেজে ৰঙা স্বপ্ন ভৰা !
সেউজী সপোন মেলা
সাজিছে ৰঙৰ বেলা !
আহিলা পখীৰ সাজে
পৰিধান সুৰ মিলি
তোমাকেই আপোন বুলি
দিলো মন সজা মেলি !
কোনে মাতে ৰিণি ৰিণি !!
বোলছবি/এলবাম: কৃষ্ণচূড়া
গায়িকা: হেমন্তী চোশ্লা
সংগীত পৰিচালক: সুমন
চেটাৰ্জী
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
[ বি: দ্ৰ:- গীতটো শুনি লিখা,
কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment