আন্ধাৰ নহলে
ৰাতিৰ সপোন
জানো দেখিবি ?
ক’লাশিখা
জ্বলাই নিশা
নাহে যদি আকাশলৈ,
জিকমিকিয়া জোন তৰা
কেনেকে’
লেখিবি ?
আন্ধাৰে
যদি
চুমা নাখায়
শেৱালি নুফুলে
পুৱা বেলিৰ
প্ৰথম চুমাত
দুবৰি কোলাত
নিয়ৰ
নজ্বলে ৷
আন্ধাৰ
আহি
বেজাৰ
কৰি
মোৰ কবিতাক কয়
পোহৰ
বুলি তই বলিয়া....
পোহৰক যদি গোপনে সোধ
পাবি
মই আন্ধাৰৰ আচল পৰিচয় ৷
কবিতা
মোৰ, ভাবি থাকিলে... হয়... নে ... নহয় ৷৷
(জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment