জুইৰে আঁকিলি তৰা আকাশত
জুইৰে আঁকিলি তৰা
কোন
কাহানিৰে পৰা ?
কোন
কাহানিৰে পৰা
আকাশত
আঁকিলি তৰা... আন্ধাৰ পোহৰ কৰা ?
পৃথিৱী
আঁকিলি
ইমান
ফুলৰে
শেৱালি
নেৱালি পলাশেৰে
চম্পা
কেতেকী পদুমৰে
ৰূপৰে
ৰসৰে
বৰণেৰে
গন্ধ
গানৰে ভৰা
কোন
কাহানিৰে পৰা ?
অনাদিকালৰ
প্ৰথম শিল্পী তই
অশেষ
সপোন
আঁকিছ
বিশেষকৈ
এক
নিমিষৰ মানৱ শিল্পী হৈ
আহিলোঁ
পৃথিৱীলৈ
তয়ে
অঁকা ছবি
সজাই
পৰাই
শুৱনি
কৰিবলৈ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment