Assamese
Song: Ei
Rodali Jilimili
Film: Koka Deuta Nati Aru Hati
Singer: Dwipen
Boruah (Duet)
Music
Director: Ramen Baruah
Year: 1982
পুৰুষ: এই ৰ’দালি
জিলিমিলি !
ৰ’ব কি যাব কি চিৎ-পখিলী !
এই ৰ’দালি
নাৰী: মন ফুল কলি পৰি ঢালি !
থবা কি ল’বা কি আকোৱালী !
দুয়ো: এই ৰ’দালি !
পুৰুষ: এই ৰ’দালি
জিলিমিলি !
ৰ’ব কি যাব কি চিৎ-পখিলী !
দুয়ো: এই ৰ’দালি !
দুয়ো: এইয়া যে আহিছে চোঁৱা
এইয়া যে হাঁহিছে চোঁৱা
বসন্তৰ বলীয়া বা.. !
বসন্তৰ বলীয়া বা... !
এইয়া যে কাষতে পোৱা
এইয়া যে জিৰণি লোৱা !
এইয়া যে মৰমৰ ছাঁ... !
এইয়া যে মৰমৰ ছাঁ... !
জিৰাও যেন জিৰাও যেন মন বাউলী
জিৰাও যেন জিৰাও যেন মন বাউলী
এই ৰ’দালি !
দুয়ো: গোপনে গোপেন গঢ়া
সপোনেৰে আপোন কৰা
দুখনি আকুল হিয়া.. !
দুখনি আকুল হিয়া ....!
চেনেহৰ নেদেখা জুৰি
দুয়োকো ৰাখিছে ধৰি
উজাৰি মৰম দিয়া ..!
উজাৰি মৰম দিয়া ...!
যৌৱন নে মৌবন নে হালিজালি
যৌৱন নে মৌবন নে হালিজালি
এই ৰ’দালি !
এই ৰ’দালি জিলিমিলি !
ৰ’ব কি যাব কি চিৎ-পখিলী !
এই ৰ’দালি !
এই ৰ’দালি !
পু: স: আহা যৌৱন নে মৌবন নে হালিজালি
(আহা) যৌৱন নে মৌবন নে হালিজালি ৷৷
বোলছবি:-ককাদেউতা
নাতি আৰু হাতী
গায়ক/গায়িকা: দ্বীপেন
বৰুৱা আৰু মৃণালিনী দত্ত চৌধুৰী
সংগীত
পৰিচালক: ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment