Assamese Song: Chinaki
Chinaki
Film: Khuj
Singer: Usha Mangeshkar
Music Director: Bhupen Hazarika
Film Director : Polak Gogoi
Year: 1974 / 1975
চিনাকি...
চিনাকি মোৰ মনৰ
মানুহ
তোমাৰ বাবেই
জনম লভিছোঁ !
তোমাৰ ঘাটৰ
বিপৰীতে
নাওখনি মোৰ বান্ধিছোঁ
তুমি চিনিছাঁনে
নাই !
মই নেজানিলোঁ..
নেজানিলোঁ !
গধূলি প্ৰহৰ
দেখোঁ অতি সেমেকা
জীৱনটৌ হ'ল কিবা পানী মেটেকা
তুমি দেখিছাঁনে
নাই
মই নেজনিলোঁ !
চিনাকি !
চিনাকি মোৰ মনৰ
মানুহ
তোমাৰ বাবেই জনম
লভিছোঁ ।
মণি বুলি কালসাপ
ডিঙিলে পিন্ধিলোঁ !
ভুলকেই ফুল বুলি
খোপাত গুজিলোঁ !
তুমি দেখিছানে
নাই ! মই নাজানিলোঁ !
চিনাকি !
চিনাকি মোৰ মনৰ
মানুহ
তোমাৰ বাবেই জনম
লভিছোঁ ।
তুমি আছাঁ সিটো
পাৰে ইপাৰে যে মই
দুয়োৰে মাজতে বয়
সোঁৱৰণি নৈ !
সাঁকো দেখিছাঁনে
নাই মই নাজানিলোঁ !
সাঁকো দেখিছাঁনে
নাই, সাঁকো দেখিছাঁনে নাই !
সাঁকো দেখিছাঁনে
নাই, সাঁকো দেখিছাঁনে নাই !
সাঁকো দেখিছাঁনে
নাই মই নাজানিলোঁ !
চিনাকি !
চিনাকি মোৰ মনৰ
মানুহ
তোমাৰ বাবেই জনম
লভিছৌঁ
তোমাৰ ঘাটৰ
বিপৰীতে নাওখনি মোৰ বান্ধিছোঁ
তুমি চিনিছাঁনে
নাই ! মই নেজানিলোঁ
নেজানিলোঁ
চিনাকি !!
বোলছবি/এলবাম: খোজ
গায়ক/গায়িকা: উষা মাঙ্গেচ্কাৰ
সংগীত
পৰিচালক: ভূপেন হাজৰিকা
বোলছবি
পৰিচালক: পুলক গগৈ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:-
গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই
দিয়ে যেন ]
No comments:
Post a Comment