Assamese Song:
Moi Aji Hongibihin
Film: Duronir
Rong
Singer: Pulak
Banerjee
Music Director: ?
Year: ?
মই আজি সঙ্গীবিহীন
উদাসীন ক্লান্ত পথিক
এই বিশাল পৃথিৱীৰ ..
অ’... সোঁৱৰণি !
নিদিবি আমনি ... !
মই আজি সঙ্গীবিহীন
উদাসীন ক্লান্ত পথিক
এই বিশাল পৃথিৱীৰ ..
অ’... সোঁৱৰণি !
নিদিবি আমনি ... !
হাঁহি কান্দোনৰ কত যে খেলা
নালাগে নাচাওঁ আৰু ...
হেঙুলী সপোন ক’তে যে হেৰাল
নালাগে নিবিচাৰো !
আশাৰ তৰী কত হেপাহেৰে
আশাৰ তৰী কত হেপাহেৰে
দিছিলো উতুৱাই !
নিষ্ঠুৰ ধুমুহাই
দিলেহি ডুবাই !
হেৰুৱা দিনৰে নিকৰুণ কাহিনী
হেৰুৱা দিনৰে নিকৰুণ কাহিনী
নাহিবি মনলে মিচাতে আকৌ
হিয়া দহিবলে !
পাহৰণিয়ে মোক দিবহি জুৰণি
অ’ .. সোঁৱৰণি !
নিদিবি আমনি ... !
মই আজি সঙ্গীবিহীন
উদাসীন ক্লান্ত পথিক
এই বিশাল পৃথিৱীৰ ..
অ’... সোঁৱৰণি !
নিদিবি আমনি ... !!
বোলছবি/এলবাম: দূৰণিৰ ৰং
গায়ক/গায়িকা: পুলক বেনাৰ্জী
সংগীত পৰিচালক: ?
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা
ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment