Assamese
Song: Jwalalu
Nite Moi
Film: Upapath
Singer: Manisha
Hazarika
Music
Director: Manisha Hazarika
Lyrics: Hemanta
Dutta
Year: ?
জ্বলালো নিতে মই !
জ্বলালো নিতে মই !
আশাভৰা সাজল চাকি যে
পোহৰ বিচাৰি হায় !
তথাপি পোহৰ নাই !
বিচাৰি কৰুণা মাথো পালো যে
দুখৰ উপৰি দুখ !
নিশাৰ মাজেৰে জীবন কটালো
নেদেখো পুৱাৰ মুখ !
ডাৱৰে ৰাখিলে সূৰুয ঢাকি !
দিনৰ পোহৰ নাই !
ভাগৰি পৰিছে নিঠৰুৱা মন
ক’তেনো পোহৰ পাওঁ ?!
পোহৰ ক’তো নাই !
জ্বলালো নিতে মই
মায়াৰে পৃথিৱী তুমিয়ে স্ৰজিলা !
মোহে আৱৰে তাৰ
মায়াৰে পৃথিৱী তুমিয়ে স্ৰজিলা !
মোহে আৱৰে তাৰ
একো নুবুজি মনে খেদিছে
পুনৰে সৰি নাযাওঁ !
দূৰতে শুনিলো আশাৰে বাঁহি !
কেতিয়া কাষৰ পাওঁ ... ?!
সময়ে মাতিছে ওচৰ চাপি
কৰুণা কেতিয়া পাওঁ !
আৰু যে সময় নাই !
জ্বলালো নিতে মই
আশাভৰা সাজল চাকি যে
পোহৰ বিচাৰি হায় !
পোহৰ ক’তো নাই
পোহৰ ক’তো নাই ৷৷
বোলছবি/এলবাম: উপপথ
গায়িকা : মনিষা হাজৰিকা
সংগীত
পৰিচালকা : মনিষা হাজৰিকা
(ইউনিক’ড
ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:-
গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment