Assamese Song: Prothom
Dekhar Modhur Bela
Film: Anutaap
Singer: Khagen
Mahanta & Mitali Choudhury
Music Director: Jeetu -Tapan
Lyrics:- Nirmalprabha Bardaloi
Year: ?
পুৰুষ: প্ৰথম
দেখাৰ মধু বেলা
নাৰী: মনত আছে জানো দেখা
পুৰুষ: সেই
কথাটি ক’বানে ?
নাৰী: অনুৰাগত
সেই দিনা !
পুৰুষ: কঁপিছিলে
জানো হিয়া ?
নাৰী: সেই কথাটি ক’বানে
?
দুয়ো: প্ৰথম
দেখাৰ মধু বেলা
পুৰুষ: মনৰ বনত সেইদিনা
ফাগুণ আহি দোলা দিলে !
নাৰী: দূৰৰ বনত দুটি হিয়াই
কুলিৰ কোলৱ শুনিছিলে
তোমাৰ মনত পৰে নে.. ?
পুৰুষ: প্ৰথম
দেখাৰ মধু বেলা
নাৰী: মনত
আছে জানো দেখা
পুৰুষ: সেই
কথাটি ক’বানে ?
দুয়ো: প্ৰথম
দেখাৰ মধু বেলা
পুৰুষ: জীবন আমাৰ মোহনীয়া
পিৰিতিৰে আবিৰ ঢালি !
নাৰী: মনৰ মাজত বনৰীয়া
পক্ষীৰে কুৰুলি শুনি
তাৰ কিবা ভেদ পালা নে ?
পুৰুষ: প্ৰথম
দেখাৰ মধুৰ বেলা
নাৰী: মনত
আছে জানো দেখা
পুৰুষ: সেই
কথাটি ক’বানে ?
দুয়ো: প্ৰথম
দেখাৰ মধুৰ বেলা ৷৷
বোলছবি/এলবাম: অনুতাপ
গায়ক/গায়িকা: খগেন মহন্ত আৰু মিতালী চৌধুৰী
সংগীত পৰিচালক: জিতু-তপন
কথা : নিৰ্মলপ্ৰভা
বৰদলৈ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি শুধৰাই দিয়াৰ বাবে কৱিতা দত্ত গোস্বামী আৰু অনুৰাধা বৰুৱালৈ আন্তৰিক ধন্যবাদ জনালোঁ ৷ ]
No comments:
Post a Comment