Assamese Song: Hudhichha
Tomaloi Kiman Nu Morom
Film: Aashray
Singer: Dwipen
Boruah (Duet)
Music Director: Ramen Baruah
Year: 1979
পুৰুষ: সুধিছা
তোমালৈ কিমান নো মৰম
মই
মৰমৰ সুগভীৰ নৈ .. !
নাৰী: ব’হাগৰ
বতৰা হৈ ←২
তোমাৰে
নদীৰে নেদেখোঁ যে ঢৌ
মই
নেজানো কেনি যায় বৈ
পুৰুষ: তোমাৰে
বতৰা লৈ..
হৃদয়ৰ
বতৰা লৈ
-
নাৰী: (আমাৰ
মনত আজি
কিহৰে
নো ৰাগী )←২
পুৰুষ: প্ৰথম
কদম ফুলে
পাহি
মেলিছে মেলিছে পাহি
দুয়ো: সেয়ে
মন উৰে প্ৰজাপতি হৈ
পলাশৰ
বতৰা লৈ ←২
পুৰুষ: সুধিছা তোমালৈ কিমান নো মৰম
পুৰুষ: সুধিছা তোমালৈ কিমান নো মৰম
মই
মৰমৰ সুগভীৰ নৈ
নাৰী: ব’হাগৰ
বতৰা হৈ ←২
-
নাৰী: তুমি
যদি হোৱা নদী মৰমৰে ←২
পুৰুষ: তাৰেই
সোঁতে সোঁতে
উটি
যাবানে কোৱা সঁচাকে
দুয়ো: দুয়ো
লহৰে লহৰে এক হৈ
ভাল
লাগে ভাবিলে ঐ ←২
পুৰুষ: সুধিছা
তোমালৈ কিমান নো মৰম
মই
মৰমৰ সুগভীৰ নৈ ..
নাৰী: ব’হাগৰ
বতৰা হৈ .. ←২
(প্ৰথমখিনি)
(প্ৰথমখিনি)
-
বোলছবি/এলবাম: আশ্ৰয়
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা (দ্বৈত কন্ঠত)
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:-
গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে
যেন ]
No comments:
Post a Comment