অনুসন্ধান আকাংক্ষাত

Monday, May 14, 2012

মোৰ জীৱন এখন এম্বেচেদৰ


Assamese Song: Mur Jibon Ekhon Ambachedor
Film:                       Hunor Horin
Singer:                   Ananda Narayan Dev
Music Director:    Tafazzul Ali
Year:                      1979


মোৰ জীৱন এখন এম্বেচেদৰ ←২



কৰ ঘৰ্‌ ঘৰ্‌ ←২
                         
সময়ো যে নাই !

নহ’লে যে সিপিনে ভাড়া মাৰা যায়

মোৰ জীৱন এখন এম্বেচেদৰ ←২


মোৰ নতুন গাড়ী চলে তাৰা তাৰি←২

তীৰ্থ-যাত্ৰী যায় কামাখ্যালৈ

আৰু যায় মিলনৰ যাত্ৰী তালৈ !


মোৰ গাড়ীতেই যায় সাধু গুণীজন

আৰু যায় জালীয়া চোৰ দুৰ্জন !


পুলিচো আৰোহী হয় বিচাৰি খবৰ ←২


এয়ে দিচপুৰ কোৱা জনতা ভৱন

বহু কাম লৈ নিতে আহে বহুজন

(কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনত

ফুলিছে সপোন তাতে ৰূপকোঁৱৰৰ) ←২



মোৰ নতুন গাড়ী চলে তাৰা তাৰি ←২

মেডিকেল ফালে যদি কেতিয়াবা যাওঁ

জীৱনে মৰণে যুঁজা তাতে দেখা পাওঁ

বিশ্ববিদ্যালয় !

বিশ্ববিদ্যালয় আহিলোঁ এদিন !

চিৰিয়াখানা !

ৰিফাইনাৰী !

চিৰিয়াখানা আৰু ৰিফাইনাৰী

এৰিলোঁ আকাশবানী, পালোঁ যাদুঘৰ

জীৱন এখন এম্বেচেদৰ

মোৰ জীৱন এখন এম্বেচেদৰ


কেতিয়াবা গাড়ী গৈ মৰিশালী পায় ..

মাজে মাজে গালি দিয়া ঘৰলৈয়ো যায়..


হাঁহি আৰু কান্দোনৰ এই অভিনয় ←২

দেখিলোঁ কতনা ছবি ৰং-বিৰঙৰ

জীৱন এখন এম্বেচেদৰ

মোৰ জীৱন এখন এম্বেচেদৰ  ৷৷

বোলছবি/এলবাম: সোণৰ হৰিণ
গায়ক:                  আনন্দ নাৰায়ণ দেৱ    
সংগীত পৰিচালক:      তফজ্জ্বুল আলি
(ইউনিকড ৰূপান্তৰ:   দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুধৰাই দিয়া বাবে অশেষ ধন্যবাদ অৰ্পনা প্ৰীতি গগৈলৈ]

No comments: