Assamese Song: Jibon
Jodi Pur Nai
Film: Anurag
Singer: ?
Music Director: Rajeshwar Bordoloi
Year: 1982
জীৱনো যদি পূৰ নাই
জোনাকো হাঁহি নাই !
মন মোৰ তথাপিও পূৰ্ণ সদায়
!
যাত্ৰাত যদি মোৰ পোহৰ নাই
ৰ’দে পোৰা মূৰতে
নাই ছায়া নাই
শূণ্যতা থাকে যদি পথ উপচাই
ধুমুহাই যদি যায় নেওঁচা
কোবাই !
ক্লান্ত
নহওঁ মই
দুখকে
কৈ যাওঁ বিদায় বিদায় !
জোনাকো .. হাঁহি নাই !
মন মোৰ তথাপিও পূৰ্ণ সদায়
সন্ধ্যাত নেহেৰায় দিনৰে
বেলি !
পুৱালৈ এইবেলি গুঠি বকুলি
ৰিক্ততা আছে আজি কাইলৈ নাই
অম্লতা ৰস হেতু নাথাকে
সদায় !
ভগ্ন ! নহয় মন !
আশাৰে গীত গাওঁ শীতল সজাই
জোনাকো .. হাঁহি নাই !
মন মোৰ তথাপিও পূৰ্ণ সদায়
জীৱনো যদি পূৰ নাই
জোনাকো হাঁহি নাই !
মন মোৰ তথাপিও পূৰ্ণ সদায়
তথাপিও পূৰ্ণ সদায়
তথাপিও পূৰ্ণ সদায় ৷৷
বোলছবি/এলবাম: অনুৰাগ
গায়িকা: ?
সংগীত
পৰিচালক: ৰাজেশ্বৰ
বৰদলৈ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment