Assamese
Song: Eek Dui Tini
Film: Dharma Kai
Singer: Jayanta Hazarika
Music Director: Jayanta Hazarika
Year: ?
জ:হা: এক দুই তিনি
গান্ধীৰ পুতলা পাইছা নে
চিনি ?
ক: ল’ৰা: ওহো !
জ:হা: এক দুই তিনি
গান্ধীৰ পুতলা পাইছা নে
চিনি ?
এই চকু ধাকি !
এই কাণ ধাকি !
এই মুখ ধাকি !
কি কয় কি কয় শুনা অকমানি !
গান্ধীৰ পুতলা পাইছা নে
চিনি ?
এ গান্ধীৰ
পুতলা পাইছা নে চিনি ?
বেয়া নেচাবা বেয়া নুশুনিবা
বেয়া নক’বা ভাল মন দিয়া !
কোনে কয় কোনে কয় শুনি ৰিনি ৰিনি
গান্ধী পুতলাই শুনা অকমানি !
এ গান্ধী পুতলাই শুনা অকমানি !
গাড়ী-ঘোৰা থাকিলেই ডাঙৰ নহয় !
বেয়াত যদিহে মন মজি মজি ৰয় !
কোনে কয় কোনে কয় অ’ অকমানি !
গান্ধী পুতলাই ভাৱা ভাৱি গুণি
এ গান্ধী পুতলাই চাবা ভাৱি গুণি
এ গান্ধী পুতলাই চাবা ভাৱি গুণি ৷৷
বোলছবি/এলবাম:
ধৰ্ম কাই
গায়ক/গায়িকা:
জয়ন্ত
হাজৰিকা
সংগীত
পৰিচালক: জয়ন্ত
হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই
দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment