Assamese
Song: Bhorir Toluar Pora
Film: Dharma Kai
Singer: Jayanta Hazarika
Music Director: Jayanta Hazarika
Year: ?
ভৰিৰ তলুৱাৰ
পৰা যদি ধৰাখন
খহি খহি পৰা যেন লাগে !
তিল তিলকৈ যদি
নিজৰেই ঘৰখন
কাৰোবাৰ দোষতেই ভাগে !
পুনৰ গঢ়িবা তুমিহে বান্ধৱ
পুনৰ গঢ়িবা তুমি !
যদি পৰিয়ালে তোমাৰ
সঙ্গ এৰে !
তুমি অকলশৰীয়া হোৱা !
যদি সৎ কাম কৰি কৰি
সংসাৰ সজালেই
অপযশ পদে পদে পোৱা !
পুনৰ সজাবা তুমিহে বান্ধৱ
পুনৰ
সজাবা তুমি.. !
শান্তিক
কৰি লোৱা তোমাৰ গৃহিনী !
ধৈৰ্য্য
হ’ব লাগে পিতৃ..!
দয়া হ’ব লাগে মৰমী ভগিনী
ক্ষমা হ’ব লাগে ভাতৃ !
আশা হ’ব তোমাৰ সহোদৰ !
সংগ্ৰাম হ’বগৈ মাতৃ !
যদি বিচনা অভাৱত আকাশৰ তলতেই
বাগৰি পৰিব লাগে !
যদি পোচাকৰ অভাৱত সময়ৰ ৰঙকেই
মৰিয়াই ল’বগৈ লাগে !
তাকেই কৰিবা তুমি হাঁহিমুখে
তাকেই কৰিবা তুমি..
ভৰিৰ তলুৱাৰ
পৰা যদি ধৰাখন
খহি খহি পৰা যেন লাগে !
বোলছবি/এলবাম:
ধৰ্ম কাই
গায়ক/গায়িকা:
জয়ন্ত
হাজৰিকা
সংগীত
পৰিচালক: জয়ন্ত
হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই
দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment