Assamese Song: Eman Dhuniyakoi
Film: Jug Biyug
Singer: Dwipen Boruah & Pahari Sakia
Music Director: Ramen Baruah
Year: 1971
দ্বি:ব: ইমান ধু...নীয়া..কৈ
কোনে
সৰজিলে
কোনে
সৰজিলে
কোনে
নামে দিলে জয়া !
তোকে
আ....নিবলৈ
মনে যে
বলীয়া
মনে যে
বলীয়া
কৰিব
নোৱাৰো বিয়া !
নাৰী: বেয়া লাগে দেই !
আঁহতৰ তি...লিঙা
জৰাতকৈ তিলিঙা
জৰাতকৈ তিলিঙা
মাছৰ মৰে দুবৰি বন !
মোকে ঐ তিলিঙা
নিমখে লাগিলে
নিমখে লাগিলে
ভৰিব লাগিব ধন !
দ্বি:ব: দেহি ঐ !
তোকে ঐ নিবৰে মন ..!
তোকে ঐ নিবৰে মন ..!
যেনেতেনে কৰি
নিমে ঐ সাদৰি
লাগিলে ভৰিমে
ধন
চেনাই কেঁচা সোণ !
তোৰে সমান হ’ব কোন
অ’ চেনাই ! অ’ সোণাই
লাগিলে ভৰিমে ধন !
নাৰী: এ হে হে
আকাশত জুৰিলে
মলয়াত
ঘুৰিলে
মলয়াত ঘুৰিলে
তাৰে জুৰ ল’ব পাৰ !
তয়ে যে তিলিঙা
মোকে দিব খোজ
মোকে দিব খোজ
কিমান ধন ভাঙিব পাৰ
দ্বি:ব: হয়নে ?
হালৰে বেচিলে চেনাই
কঁজলা
ডমৰা !
কঁজলা ডমৰা !
গোহালীৰ বেচিমে গাই !
তেও যদি ধনে..ৰে চেনাই
জোৰাব নোৱাৰো
জোৰাব নোৱাৰো
বেচিম সুদৰে ঘাঁই
নাৰী: ক’তে মৰো মই !
এইবেলি বানে হে বা...ন !
এইবেলি বানে হে বা...ন !
এইবেলি ব’হাগত
নিব নোৱাৰিলে
দেহালৈ পৰিব কাটি মোকে কেঁচাসোণ
তোৰে সমান হ’ব কোন ?
অ’ মোৰে সোণাই ঐ
দেহালৈ পৰিব তাপ !
দ্বি:ব: জান ঐ !
এ ভনী জয়া মাই
হাতে কি শুৱনি !
এ ভনী জয়া মাই
ডবুৱা কটাৰী
এ ভনী জয়া মাই
ডাবে কি ম'হৰে ঘী !
এ ভনী জয়া মাই
এইবেলি চেনাই ঐ
এ ভনী জয়া মাই
চিন্তা নকৰিবি
এ ভনী জয়া মাই
ঘূৰি ব’হাগতে
নিমে ভনী জয়া মাই !
তোকে আনিবলৈ !
নাৰী: ঐ !
দ্বি:ব: তামোল-পান দিবলৈ !
নাৰী: ঐ !
দ্বি:ব: মোৰ হ’লে ককাই-ভাই নাই !
নাৰী: আজৌ.. !
আহে বাটে বোলে
নোজোৰে বোজোৰে
নোজোৰে বোজোৰে
পালো ঘাটে ঘাটে ঠাই ৷৷
বোলছবি/এলবাম:
যোগ-বিয়োগ
গায়ক/গায়িকা: দ্বিপেন বৰুৱা আৰু পাহাৰী শইকীয়া
সংগীত পৰিচালক:
ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই
দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment