Assamese
Song: Polakhore Rong
Film:
Polakhor Rong
Singer: Bhupen
Hazarika & Usha Mangeshker
Music
Director: ?
Year: ?
ভূ:হা: পলাশৰে ৰং !
ঊ:ম: পলাশৰে ৰং !
কোনেনো সানিলে
এই মিঠা সেউজ বননিত !
ভূ:হা: আৰু তোমাৰ কোমল চাৱনিত !
ঊ:ম: জীৱনৰে ৰং !
ভূ:হা: জীৱনৰে ৰং
পলাশে সানিলে
কোমল কোমল ঘাঁহনিত !
ঊ:ম: আৰু তোমাৰ বুকুখনিত !
ভূ:হা: জীৱনৰে এই বলীয়া বানত
তুমিয়ে ময়ে সাতোৰো আহা
ঊ:ম: মৰমৰে এই এনাজৰিৰে
দুয়ো দুয়োকে বান্ধো আহা
দুয়ো: বান্ধ ভাগি গ’লে হেৰাব শৰৎ
ধুমুহা আহিব ধৰণীত
ঊ:ম: পলাশৰে ৰং !
কোনেনো সানিলে
এই মিঠা সেউজ বননিত !
ভূ:হা: আৰু তোমাৰ কোমল চাৱনিত !
ভূ:হা: মনে ভৱা কথাটি নেথাকে বুকুত
আৰু কথা থাকিল বহু...ত !
ঊ:ম: নোকোৱা কথাষাৰি নোকোৱাকে থাকিলেও
ধৰা পৰে তোমাৰ চকুত !
ভূ:হা: অ’.. মনে ভৱা কথাটি নেথাকে বুকুত
আৰু কথা থাকিল বহু...ত !
ঊ:ম: নোকোৱা কথাষাৰি নোকোৱাকে থাকিলেও
ধৰা পৰে তোমাৰ চকুত !
নীলা আকাশত আজি আউজিলৈ
হালিছে জালিছে পলাশৰে ফুল !
ভূ:হা: ফুলতো নহয় এয়া মৰমৰে জুই !
নেমানে মৰমে কোনো জাতি কুল !
দুয়ো : দানৱী বিভেদক মানৱী চেনেহে
কৰিবই এদিন পৰাজিত !
দানৱী বিভেদক মানৱী চেনেহে
কৰিবই এদিন পৰাজিত !
ঊ:ম: পলাশৰে ৰং !
কোনেনো সানিলে
এই মিঠা সেউজ বননিত !
ভূ:হা: আৰু তোমাৰ কোমল চাৱনিত !
ঊ:ম: জীৱনৰে ৰং
ভূ:হা: পলাশে সানিলে
কোমল কোমল ঘাঁহনিত !
ঊ:ম: আৰু তোমাৰ বুকুখনিত !
ভূ:হা: আৰু তোমাৰ কোমল চাৱনিত !
ঊ:ম: ও ও ও... (আলাপ)
ভূ:হা: ও ও ও... (আলাপ)
ঊ:ম: ও ও ও... (আলাপ)
ভূ:হা: ও ও ও... (আলাপ) ৷৷
বোলছবি/এলবাম: পলাশৰ ৰং
গায়ক/গায়িকা: ভূপেন হাজৰিকা আৰু ঊষা মঙ্গেচ্কাৰৰ
সংগীত
পৰিচালক: ?
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment