Assamese Song: Lehiri Bonorey
Film: Debi
Singer: Hamar Hazarika
& Malabika Borua
Music Director: ?
Year: ?
মা:ব: লিহিৰি বনৰে উতলা লহৰে
কিযে মন মধুৰ কৰে !
লিহিৰি বনৰে উতলা লহৰে
কিযে মন মধুৰ কৰে !
স:হা: চুলিটাৰীতে ধৌ খেলি খেলি কঁজলা মেঘালী
আকাশ ধৰি টানি
সানিলে শ্যামলি আকাশ
মা:ব: ব’হাগৰ বাতৰি আনিছে আদৰি
মন
মোৰ কেনিবা উৰে !
স:হা: মনে হ’ল মোৰ সুমধুৰ বাঁহীৰে সুৰ
মা:ব: মোৰ গীতেই বলকে
স:হা: এই নয়ন যদি হয় পদুমৰে পাহি !
মা:ব: সপোন হৃদয়ৰে দেশলে
দুয়ো: আঁকি যা ! আঁকি যা !
এই জীৱনৰে ছবি মন তুলিকাৰে
বহুতো ৰঙেৰে
মা:ব: দূৰণি আকাশৰে
শ্যামলী সূৰুযে
কিযে ৰথ আদৰি আনে
স:হা: মোৰ গীতৰ সুৰ
খেলিমেলি
মা:ব: মন মোৰ কেনিবা উৰে !
স:হা: সৌৱা ফুলি আছে ..
ৰঙা ফুলৰে ঠোপা
মা:ব: কৰে বলীয়া ভোমোৰা
তাতে উমলি থাকে..
এপলক ফুলপিনে চোৱা ... !
এধানি
সহাৰি দিয়ানা ..!
স:হা: জীৱন আজি উন্মনা !
মা:ব: জীৱন আজি যৌৱনা (স:হা:
ও হু হু.. ..(আলাপ)
লা লা লা... (আলাপ) (স:হা: জীৱন আজি উন্মনা !)
মা:ব: এই যে বাহু হৃদয় উঠলি আছে !
স:হা: পলাশৰ ৰঙৰে ভৰা.. !
মা:ব: তুমি যে আপোন নয়ন উতলাৰে
স:হা: লুইতৰ হেঙুলি আভা !
দুয়ো: উৰি যা ! উৰি যা !
কৰে বনৰে পখীটি কিযে সপোনৰে মধুৰ আবেগেৰে
স:হা: লিহিৰি বনৰে
মা:ব: উতলা লহৰে
দুয়ো: কিযে মন মধুৰ কৰে !
মন ফুলনি আছে হালিজালি
মন মোৰ কেনিবা উৰে !
মন মোৰ কেনিবা উৰে !
মন মোৰ কেনিবা উৰে !
বোলছবি/এলবাম: দেৱী
গায়ক/গায়িকা: মালবিকা বৰুৱা আৰু সমৰ হাজৰিকা
সংগীত পৰিচালক: ?
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment