Assamese Song: O Moynajan
Film: Hunor
Horin
Singer: Dwipen Boruah & Namita Bhattacharya
Music Director: Tafazzul Ali
Year: 1979
নাৰী: ও.....
(আলাপ)
দ্বি: ব: অ’
মইনাজান পানীতে মুখখনি চাই কোন মেনকাই ?
নাৰী: অ’ দেহি ঐ চিনাকী মুখখনি জানো চিনি পোৱা নাই ?
দ্বি: ব: অ’ মইনাজান পানীতে মুখখনি চাই কোন মেনকাই ?
নাৰী: অ’ দেহি ঐ চিনাকী মুখখনি জানো চিনি পোৱা নাই ?
দুয়ো: অ’ মইনাজান পানীতে মুখখনি চাই কোন মেনকাই ?
নাৰী: কথাত দেখোন বৰষে মৌ কিনো আছে মনতে ?
দ্বি: ব: আছে এটি আশা মনত সাঁচি থোৱা গুপুতে !
নাৰী: মনৰ গুপুত কথা জানা মনে বুজি পায়... !
দুয়ো: মনৰ গুপুত কথা জানা মনে বুজি পায়... !
অ’ মইনাজান পানীতে মুখখনি চাই কোন মেনকাই ?
নাৰী: মৰমৰে ৰ’দালিতে উঠে জীৱন উজলি !
দ্বি: ব: বৰষুৱা পথাৰতে ফলে সপোন সোণালী
নাৰী: এই গাঁৱতে জনম আমাৰ, এয়ে মৰণয়ো ঠাই !
দুয়ো: এই গাঁৱতে জনম আমাৰ, এয়ে মৰণয়ো ঠাই !
অ’ মইনাজান পানীতে মুখখনি চাই কোন মেনকাই ?
দ্বি: ব: ৰূপেৰে কাম নিসিজে সোণ ঘৰ ধৰিব লাগিব !
নাৰী: অ’ পথাৰে মুখ নভৰে ধন হালো বাব লাগিব
দ্বি: ব: অ’ ৰূপেৰে কাম নিসিজে সোণ ঘৰ ধৰিব লাগিব !
নাৰী: অ’ পথাৰে মুখ নভৰে ধন হালো বাব লাগিব
হাল জুৰিলেই নহ’ব ধন হালি দিবও লাগিব !
দ্বি: ব: অ’ আখল চালেই নহ’ব সোণ ভুঁয়ো ৰুব লাগিব !
ভুঁই সুজিলেই নহ’ব সোণ ধানো দাব লাগিব !
নাৰী: অ’ পথাৰ চালেই নহ’ব ধন ঘৰ ও চাব লাগিব !
পথাৰ চালেই নহ’ব ধন ঘৰ ও চাব লাগিব !
মিলিজুলি দুয়ো চাই ...
দুয়ো: মিলিজুলি দুয়ো চাই ...
দ্বি: ব: অ’ মইনাজান পানীতে মুখখনি চাই কোন মেনকাই ?
নাৰী: অ’ দেহি ঐ চিনাকী মুখখনি জানো চিনি পোৱা নাই ?
দুয়ো: অ’ মইনাজান পানীতে মুখখনি চাই কোন মেনকাই ?
বোলছবি/এলবাম: সোণৰ হৰিণ
গায়ক/গায়িকা: দ্বিপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্য্য
সংগীত পৰিচালক: তফজ্জ্বোল আলি
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment