Assamese Song: Eri
Thoi Jaon
Film: Aashray
Singer: Dwipen
Boruah
Music Director: Ramen Baruah
Year: 1979
এৰি থৈ যাওঁ... মোৰ.. চিনাকী পাৰ...
অ” চিনাকী
সোঁতে ঘাট ভাঙিলে তাৰ..
এৰি থৈ যাওঁ.. মোৰ চিনাকী পাৰ...
নৈ বুকু জুৰনীয়া
দেখি লাগে ভাল কি ভাল অ’..
তলে তলে কি সোঁত বলে
জানো সিয়েই কাল কি কাল অ’...
অ’.. তেও যে
আমি যাব লাগে
পাব লাগে পাৰ... !
এৰি থৈ যাওঁ.. মোৰ চিনাকী পাৰ...
এই নৈৰে ঘাটে ঘৰে
বনিজৰে নাও কি নাও অ’..
কোনে কিহৰ বেহা কৰে ..
নুবুজো তাৰ ভাও কি ভাও অ’..
অ’... আমাৰ
বেহা বুকুৰ বেঠা পাৰ নাই যে তাৰ..
এৰি থৈ যাওঁ মোৰ চিনাকী পাৰ... ৷৷
বোলছবি/এলবাম: আশ্ৰয়
গায়ক/গায়িকা: দ্বিপেন বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:-
গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে
যেন ]
No comments:
Post a Comment