Assamese Song: Ei Nodi khani
Film: Hunor
Horin
Singer: Dwipen Boruah
(Duet)
Music Director: Tafazzul Ali
Year: 1979
দ্বি: ব: এই
নদীখনি
কেনি বৈ যায়
তুমি জানানে ?
নাৰী: জানো
সাগৰলৈ .... !
দ্বি: ব: এই
নদীখনি
কিয়
বৈ যায়
তুমি জানানে ?!
এই
নদীখনি
কিয়
বৈ যায়
তুমি জানানে ?!
নাৰী: জানো
সাগৰৰ বুকুতে
মিলিবলৈ .... !!
দ্বি: ব: এই
নদীখনি
দুয়ো : এই
নদীখনি
নাৰী: অ’
.... (আলাপ)
এখন
নদী তাৰে দুটি যে পাৰ !
দ্বি: ব: অ’
.... (আলাপ)
দুটি
সীমনাৰে দুপাৰে পাৰ
ইপাৰে
সেউজী আমাৰে গাঁও
নাৰী: সিপাৰে
ৰূপহী নগৰী পাওঁ !
দ্বি: ব: কোন
পাৰে বাৰু থাকিব নাও ক’ব পাৰানে ?
নাৰী: নাজানো
ক’তেনো নিয়ে
কলৈ ..
দুয়ো: এই
নদীখনি
এই
নদীখনি ৷
দ্বি: ব: অ’
.... (আলাপ)
আমাৰ
গাঁৱেখনি বুকুৰ আপোন
নাৰী: অ’ ....(আলাপ)
অভাৱ
অনাতনে ভাঙে সপোন
লগৰীৰ
বাটতে জিলিকে সোণ !
দ্বি: ব: বুটলি
আনিছে সি জানা কোন ?
আজুৰি
আনিব আকাশৰ জোন কোৱা পাৰিমনে ?
নাৰী: সহিষ্ণুতা
সেয়ে চাবলৈ ...
দুয়ো: এই
নদীখনি
কেনি বৈ যায়
তুমি জানানে ?
কেনি বৈ যায়
তুমি জানানে ?
কেনি বৈ যায়
তুমি জানানে ?
বোলছবি/এলবাম: সোণৰ
হৰিণ
গায়ক/গায়িকা:দ্বিপেন বৰুৱা আৰু দেৱযানী বৰুৱা
গীতৰ কথাঃ তফজ্জুল আলি
গীতৰ কথাঃ তফজ্জুল আলি
সংগীত পৰিচালক: তফজ্জ্বোল আলি
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment