অনুসন্ধান আকাংক্ষাত

Saturday, May 5, 2012

ময়ে অসমৰ ময়ে ভাৰতৰ

Assamese Song:                 Moye Akhomor Moye Bharotor
Film:                              Polakhor  Rong
Singer:                            Bhupen Hazarika
Music Director:                  Bhupen Hazarika
Year:                               ?


ময়ে অসমৰ, ময়ে ভাৰতৰ, ময়ে দেকা ল’ৰা অগ্নি মই ..

ময়ে কাৰোকৰ, ময়ে খনিকৰ, ময়ে চিত্ৰকৰ গঢ়ি যাওঁ মনোহৰ ..

সুৰ অপৰূপ .. কত নৱ ৰূপ..

ময়েই ৰূপ কোঁৱৰ... !



কামৰূপা মোৰ সুৱদি সুৰীয়া

অসমীয়া ভাষা জগত সভালৈ যাব !

উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ’ব !



ময়ে অসমীয়া শৰাইঘাটৰ

চোঁকা তৰোৱাল লওঁ লাচিতৰ !

মোমাই তামুলীগড় ... !

দুৰ্জয় অগ্নিগড় মই ... !

নাই মোৰ সমকৰ.... !!



ময়ে খাছীয়া, ময়ে জয়ন্তীয়া

ডফলা, অবৰ, অঁকা

ময়ে চংফৌ, ভৈয়ামৰ মিৰি সোঁৱনশিৰীয়া ডেকা

বিজয়ী আহোম, কছাৰী, কোঁচৰ, মেচৰ, কুমাৰ মই

ৰাজবংশী, ৰাভা !

কঁপালত জ্বলে শত গৌৰৱ আভা !

মই লালুং , চুতীয়া , লুচাই, মিকিৰ, গাৰো,

মিচিমি, খামতী , নগা , আংগামী বীৰ !

পৰ্ব্বতে পাহৰে জ্বলিছে উচ্চ শিৰ !           



সাম্য মৈত্ৰীৰ ময়ে ৰণুৱা

চাহ বাগিছাৰ ময়ে বনুৱা

ন-অসমীয়া মৈমনচিঙীয়া

থলুৱা নেপালী বৃত্ত কৌশলী মণিপুৰীয়াও ময়েই !



মই কত পৰ্ব্বতৰ ..

কত ভৈয়ামৰ ...           (নাৰী :- ও ও ও .. )

কত শত নিজৰাৰ ধাৰ..... !

শিল-দল ভাঙি ... !

বৈ আহি আহি ..!

বৰ-লুইতৰ... !

হৈ যাওঁ একাকাৰ .. !

হৈ যাওঁ ! একাকাৰ ...... !!



বোলছবি/এলবাম:        পলাশৰ ৰং
গায়ক/গায়িকা:          ভূপেন হাজৰিকা আৰু ঊষা মঙ্গেচ্‌কাৰৰ
সংগীত পৰিচালক:       ভূপেন হাজৰিকা
[ইউনিক'ডীয় ৰূপান্তৰ :  দিগন্ত শইকীয়া]

No comments: