অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

ৰিণিকি ৰিণিকি শুনিছোঁ


ৰিণিকি ৰিণি..কি শুনিছোঁ দূৰ..ণিত !
ৰিণিকি ৰিণি..কি শুনিছোঁ দূৰ..ণিত !
প্রভাতী পখীয়ে গীত গায়
প্রভাতী পখীয়ে কিয় গায় ?

মৌন নিশা দেখো চৌপাশে আছে
সূৰুযৰ দেখা দেখি নাই  ...!
সূৰুযৰ দেখা দেখি নাই  ...!
প্রভাতী পখীয়ে গীত গায়..
প্রভাতী পখীয়ে কিয় গায়.. ?

অস্ত বেলিৰ সীমা পাৰ হৈ হৈ..

অস্ত বেলিৰ সীমা পাৰ হৈ হৈ
বাট বুলি অকলে অকলে
খেদিছোঁ প্রভাত এন্ধাৰে এন্ধাৰে
আহিবনে সূৰুয প্রভাত নহলে
থাকিম কিমান বাট চাই !
থাকিম কিমান বাট চাই !
প্রভাতী পখীয়ে গীত গায়
প্রভাতী পখীয়ে কিয় গায় ?

মৃত্যু.. সাৱতি...
মৃত্যু সাৱতি কিয় ললাই নেকি
পলম কৰা কিয় সূৰ্য্য ?
এন্ধাৰ বাটত, দিয়াঁহি জ্যোতি
এন্ধাৰ বাটত, দিয়াঁহি জ্যোতি
মোৰ আৰু নাই যে ধৈৰ্য্য
তোমাৰ সহাৰি কিয় নাই ...?
তোমাৰ সহাৰি কিয় নাই ...?
প্রভাতী পখীয়ে গীত গায়
প্রভাতী পখীয়ে কিয় গায় ?
ৰিণিকি ৰিণি..কি শুনিছোঁ দূৰণিত !
ৰিণিকি ৰিণি..কি শুনিছোঁ দূৰণিত !
প্রভাতী পখীয়ে গীত গায়
প্রভাতী পখীয়ে কিয় গায় ?
মৌন নিশা দেখো চৌপাশে আছে
সূৰুযৰ দেখা দেখি নাই  ...!
সূৰুযৰ দেখা দেখি নাই  ...!
প্রভাতী পখীয়ে গীত গায়..
প্রভাতী পখীয়ে কিয় গায়.. ?
প্রভাতী পখীয়ে গীত গায়..
প্রভাতী পখীয়ে কিয় গায়.. ?

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: