Assamese Song: Eiya Je Dekhisa
Film: Ajali
Nabou
Singer: Dwipen Boruah et al
Music Director: Ramen
Baruah
Year: 1979
দ্বী:ব: আ...
(আলাপ)
এইয়া যে দেখিছা..
চম্পা গোলাপ
অ’ ৰূপত ৰঙে চৰা...
ইমান প্ৰতাপ !
ধুনীয়া ভাই ! ধু..নীয়া !
পু:স: হয়
পিছে দুদিনীয়া !
হয় পিছে দুদিনীয়া !
নাৰী: আ... (আলাপ)
নাই যাৰ পৰৱ তাৰ কি গৌৰৱ
হ’লে ও জাউতিযুগীয়া !
নাৰী স: বিলোৱা আনক ফুলৰ সুবাস
খনিকৰ বিনন্দীয়া !
দ্বী:ব: পিছে ধুমুহা আহিলে অকস্মতে !
পু:স: পিছে ধুমুহা আহিলে অকস্মতে !
দ্বী:ব: আৰু শিলা বৰশিলে জাকে জাকে
পাহি সৰি পৰি সুৰ পৰি যায়
পু:স: হাঁহি মাৰি মাৰি যায় , পৰি যায় !
দ্বী:ব: কি উপায় ? কি উপা...য় ?
নাৰী স: উপায় একো নাইকীয়া !
উপায় একো নাইকীয়া !
পু:স: এইয়া যে দেখিছা..
চম্পা গোলাপ
অ’ ৰূপত ৰঙে চৰা ইমান প্ৰতাপ !
ধুনীয়া ভাই ! ধু..নীয়া !
হয় পিছে দুদিনীয়া !
হয় পিছে দুদিনীয়া !
দ্বী:ব: এইজাক ৰঙচঙীয়া পখিলা !
পু:স: ফুলতে জিৰায় ! ফুলতে জিৰায় !
দ্বী:ব: পাখিত কি ৰঙ সানিলা !
চুলেই এৰাই যায়.. !
নাৰী স: চুব নাজানা !
নাৰী: অ’....
নাৰী স: চুব নাজানা পখিলা শকত হোৱা !
পাখি নাজানা কিমান আলফুলীয়া !
থাকা দূৰে দূৰে
মন জুৰ পেলাই !
নাৰী: কাষ চাপি আহি কোনো লাভ নাই
নাৰী স: নাই নাই
নাই না.....ই !
দ্বী:ব: আ... (আলাপ)
কোনা কয় নাইকীয়া
এইয়া দেখিছা যে...
ৰঙৰ বাহাৰ !
নাৰী: বুকুত ! মৰ..ম লগা ...
মনৰ আহ..ত
দুয়ো: যুৰীয়া ভাই.. ! যুৰীয়া ভাই.. !
যৌবন এই দুদিনীয়া !
যৌবন এই দুদিনীয়া !
সকলোৱে: যৌবন এই দুদিনীয়া ! (দ্বী:ব:- আ..(আলপ)
যৌবন এই দুদিনীয়া !!
বোলছবি: আজলি
নবৌ
গায়িক/গায়িকা: দ্বীপেন বৰুৱা আৰু লগৰীয়াসকল
সংগীত
পৰিচালক: ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:-
গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment