ভূ:হা: ও.... (আলাপ)
নাৰী: ও.... (আলাপ)
তোমালৈ মনত পৰে..
তোমালৈ মনত পৰে..
তোমালৈ মৰম লাগে
তোমালৈ মনত পৰে
জোনাকে ধৰা
সাৱতি ধৰিলে
জুৰিটিত জোনে
ধেমালি কৰিলে !
স্বপ্নই দুচকুত জাল তৰে !
অ’ অ’ অ’...
ভূ:হা: স্বপ্নই দুচকুত জাল তৰে
নাৰী: তোমালৈ মৰম লাগে
তোমালৈ মনত পৰে
ভূ:হা: গন্ধ উতলা মৃদু মৃদু মলয়াই.. !
কাৰ চুলিৰ সুবাস আনে কঢ়িয়াই...
নাৰী: দূৰে দূৰে পাপীয়াই
সুৰে সুৰে কিনো গাই..
ভূ:হা: বেথাৰে নিশাটিৰ
আজি ঘুমটি ধৰে ...
তোমালৈ মনত পৰে !
ভূ:হা: প্রেৰণাই তোমাক
তৃপ্তি যাঁচিলে !
মোৰ সেই গীতটি
পৃথিৱীয়ে গালে
আবেগত মোৰ চকুলো সৰে..
অ’.....
আবেগত মোৰ চকুলো সৰে...
নাৰী: তোমালৈ মনত পৰে..
তোমালৈ মনত পৰে..
নাৰী: ফাগুণৰ বুকু
সাৰে মধু হৈ ৰাখে
ধৰা কাকুল কাৰে পোৱাৰ গৌৰৱে !
নোপোৱাৰ বেদনাই !
ভূ:হা: কাৰোবাক কন্দুৱাই
দুয়ো : মিলনৰ বাসনাই ...!
(ভূপেন হাজৰিকা আৰু বিউটি শৰ্মা বৰুৱাৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment