অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

ঝক্ ঝক্ ৰেল চলে


ঝক্ ঝক্ ৰেল চলে মোৰ
ৰেল চলে মোৰ ৰেল চলে
সাম্য ৰিঙিয়াই,
শান্তি উকিয়াই ৰেল চলে ৷

ফায়াৰ মেন্ মই
দপ দপ অগনিৰ
তেজ ৰঙা বৰণৰ
কয়লাৰ পাত্র
হাতেৰে খামুচি ধৰি
বয়লাৰ দুগুণে জ্বলাওঁ
দেহা মোৰ জ্বলে জ্বলে ৷

চিগনেল মেন মই
লা কলা কয়লাৰ ধূলি লাগি কলা পৰা
বাহুৰ শকতিৰে শোষণৰ কণা বাট
হোঁহকাই থৈ মই সময়ৰ আলিটিৰ
নিচান উৰাওঁ
শোষন দূষিত বায়ু ফালে ফালে ৷

ড্রাইভাৰ লাইনচ্ মেন
বনুৱা কেৰাণী মই
ৰাতি নাই, দিন নাই , চকুত টোপনি নাই
হায়, হায়, হায়
খং উঠি ৰঙা পৰা চকুত কয়লা পৰি
দৃষ্টিক দুগুণে জ্বলাওঁ
কাম কৰি মই ভাগৰি পৰিলোঁ
পেট মোৰ জ্বলে , জ্বলে ৷

যন্ত্র যুগৰ সুমহান কৃষ্টিৰে
মানুহৰ মুক্তিৰ গঢ়িম সোপান
নতুনৰ গতি খেদি বাহুৱে বাহুৱে বন্ধা,
আকাশ পৰশি যোৱা
একতাৰ বান্ধোনক
ৰুধিব কোনে ?
সাম্যৰ ধুমুহাই ঠেলে ঠেলে ৷৷

( ১৯৪৯ চনত চিকাগোৰ ৰেল ষ্টেচনত ৰচা ৷১৯৫৩ চনত ভাৰতৰ পৰা চীনলৈ যোৱা সংস্কৃতিক দলৰ সদস্য  দিলিপ শৰ্মাক গাবলৈ সুৰ দিয়া হয় ৷)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: