অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

শ্বিলঙৰ মনালিছা (দ্বৈত কন্ঠত)


দুয়ো:       শ্বিলঙৰ মনালিছা লিংডো- ২
     তোমাৰ হাতৰ গীটাৰখনিত
     হিলিবিলি মিউজিক বজাই যোৱা - ৩
জ:হা:      অ’ শ্বিলঙৰ মনালিছা লিংডো
     শ্বিলঙৰ মনালিছা লিংডো
     তোমাৰ হাতৰ গীটাৰখনিত
     হিলিবিলি মিউজিক বজাই যোৱা
দুয়ো:       হিলিবিলি মিউজিক বজাই যোৱা - ২
জ:হা:      মনালিছা, মনালিছা,মনালিছা
ভূ:হা:      তোমাক স্রজিলে কোন লিওনাৰ্দ
জ:হা:      কেনেকৈ হলা তুমি ইমান ধুনীয়া ?
দুয়ো:       কেনেকৈ হলা তুমি ইমান ধুনীয়া ?

জ:হা:      মনত আছেনে
     দুয়ো গৰখীয়া
দুয়ো:       শ্বৰাতিৰ সুৰে সুৰে
     কিন্ কিন্ বৰষুণে বৰষুণে ভিজা
     শ্বিলং পিকত সেই দেউবাৰে পুৱা ?
জ:হা:      হিলিবিলি মিউজিক বজাই যোৱা - ৪

জ:হা:      তুমি আজি
দুয়ো:       লাবানৰ কৰবাত
ভূ:হা:      আৰু ৰাজধানী সলনিৰ পিছত আহি
জ:হা:      লো এতিয়া দিছপুৰীয়া .. !
     হলো এতিয়া
দুয়ো:       দিছপুৰীয়া ..
ভূ:হা:      ক্রিছেনথিমাম্ যিমানে ৰঙা
     মোৰ, তোমাৰ সোঁৱৰণীও সিমানে ৰঙা
দুয়ো:       ক্রিছেনথিমাম্ যিমানে ৰঙা
     মোৰ, তোমাৰ সোঁৱৰণীও সিমানে ৰঙা
ভূ:হা:      মানালিছা
     নংপোলৈ
     এবাৰ আহাঁনা
     আৰু ময়ো যাম ছুটি পালে নংপোলৈ
জ:হা:      মন দিম মন নিম
     গীটাৰৰ সুৰে সুৰে
     অদূৰ মধুৰ কোনোবা ৰাতিপুৱা.. !
দুয়ো:       শ্বিলঙৰ মনালিছা লিংডো - ২
     তোমাৰ হাতৰ গীটাৰখনিত
জ:হা:      হিলিবিলি মিউজিক বজাই যোৱা
দুয়ো:       হিলিবিলি মিউজিক বজাই যোৱা - ৪
                        ~×~

(শ্বিলং,১৯৬৫ চন)             
(ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ কন্ঠেৰে নিগৰিত)
(ইউনিক'ডীয় ৰূপান্তৰ দিগন্ত শইকীয়া)

No comments: