অ হ’ল অসমৰ প্রথম আখৰ
অসমৰ অকণি অসমতে ঘৰ
আ-ই বোলে আহ্ আহ্ আহ্ মটৰ গাড়ী
তোৰ পেটত উঠি মই যাওঁ নলবাৰী
হ্রস্ব ই-য়ে ভাল পায় ইলীহি মাছ
বিলাহী টেঙা খাই ঘুৰি ঘূৰি নাচ
দীৰ্ঘ ঈ-ৰ দেখোন টিকনি দীঘল-ডাঙৰ
নেদেখা ঈশ্বৰৰ ক’ত বা ঘৰ
হ্রস্ব উ-ক বোলে উলখিনিৰ কি ৰং ভাই
অ’ মা অ’ মা চৱেটাৰ নাই
দীৰ্ঘ ঊ-ক বোলে তেজপুৰলৈ মাতিছে ঊষাই
চিত্রলেখী নাচি আছে লিচু খাই খাই
ঋ-ৰ কথা নক’বা বৰ হাঁহি উঠে
ঋষিয়ে বা চাইকেলত উঠে নে নুঠে
এ যায় নাজিৰালৈ এৰোপ্লেনত উঠি
ৰঙা নীলা বেলুনৰ কিমান ফূৰ্ত্তি
ঐ নামৰ চৰায়ে ঐনিতম্ গায়
ৰৈ ৰৈ বান্দৰে গীটাৰ বজায়
ও নামৰ ওৰাঙৰ ওচৰে ওচৰে
ওখ ওখ গছৰ পৰা ৰসগোল্লা সৰে
ঔ-ৱে বোলে কণপিতৌ ভৰিত দুখ পালি
ঔ টেঙাৰ বল খেলি লেঙেৰা হলি
ৰ-ই বোলে ৰঙা ৰং কিনিবা নো কোনে
মোনা ভৰাই আনিছোঁ কিনা মোণে মোণে
ল হ’ল লাও আৰু বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা
ৱ হ’ল শেৱালি ইমান ফুলিছে
নুজিছোঁ বুজিছোঁ পূজা আহিছে
শ হ’ল শাক আৰু পাচলিৰ বাৰী
ভন্টিয়ে খন্তিৰে থাকে খুচৰি
ষ হ’ল ষাঁড় গৰু খঙত বহি ল’লে
আঁতৰাব নোৱৰা পুলিচ নহ’লে
স ই কয় সৰু সৰু তিলপিঠা সাজোঁ
হ-ই বোলে হয় হয় নহয় নকওঁ
আমাৰ ঘৰ হ’ল হয়বৰ গাঁও
ক্ষ-ই বোলে লক্ষ তেজপুৰ মোৰ
জ্যোতিবিষ্ণুৰ গীতে মাতে ভৰপুৰ
ড়-ই ক’লে গঁড়টোৱে বেঁকাকৈ চালে
কাজিৰঙা নচলে গঁড় নহ’লে
ঢ় হ’ল বাঢ়নী চোতাল সাৰোঁ
জাবৰ সাৰি লৈ শেৱালি এৰোঁ
য়-ই কয় কি যে দাম এই সময়ৰ
বৰ বেগে গুচি যায় সময়ৰ শৰ
ৎ হ’ল হঠাৎ ৰৈ গ’ল ৰেল
ল’ৰাহঁতে পাৰিছে পকা পকা বেল
ং থাকে কলংৰ দলং তলত
জুৰমনে জপংকৈ ধৰিলে জালত
: অ: অ: অ: নেকান্দিবি ৰ:
আখৰৰ চকলেট খাই খাই ল:
ঁ চন্দ্রবিন্দু টো আকাশৰ গাত
তৰাটো উমলিছে জোনৰ কোলাত
০ শূন্য হ’ল ৰসগোল্লা গোল গোল ভাই
১ এক মানে মোৰ মা এজনী মা
২ মানে মোৰ মাথোঁ দুখন ভৰি
৩ তিনি মানে মই আৰু মা দেউতা
৪ চাৰি হ’ল চাৰিটা দুষ্ট কুকুৰ
চাৰিটাই নাচিছে বজাই নেপুৰ
৫ পাঁচ মানে ৰাজা,হিয়া,আৰা,ট’ট, মা
পাঁচটা সন্দেশ পাঁচজনে খা
৬ ছয়ে কয় ছয়টা ভাটৌৱে নাচে
মেকুৰীয়ে তাকে দেখি গীত গাইছে
৭ সাত মানে ৰামধনু সাতোটা ৰং
সাতোটা শিয়ালৰ উঠিছে যে খং
৮ আঠ মানে আঠটা কুকুৰা পোৱালি
মৰমতে সাৱটিলে আজলী ছোৱালী
৯ নও মানে এক দুই তিনি চাৰি পাঁচ
ছয় সাত আঠ আৰু নওটা মাছ
১০ দহ মানে এক দুই তিনি চাৰি পাঁচ
ছয় সাত আঠ নও দহখন বাছ
( ১৭ জানুৱাৰী,১৯৭৬)
(ভূপেন হাজৰিকাদেৱে ৰচা গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment