Assamese Song: Kaak Bulilu
Film: Ajali
Nabou
Singer: Dwipen Boruah (Duet)
Music Director: Ramen
Baruah
Year: 1979
পুৰুষ: কাক বুলিলো কোনে নিজে গাত পাতি ললে চা
জালকে
বুলিলে জকাই এতিয়া মজাতো পা
চাই
চাই বুলিবি বাট
আচহুৱা
পিছল ঘাট
চাই
চাই বুলিবি বাট
আচহুৱা
পিছল ঘাট
ভৰি
পিছলি পৰ জানো খোপনি নৰয়
জানো
চকুপানী বয়
মাকন
এবাৰ ভাবি চা !
কাক
বুলিলো কোনে নিজে গাত পাতি ললে চা
জালকে
বুলিলে জকাই এতিয়া মজাতো পা
নাৰী: কথা সলাইছে চা
কথা পকাইছে চা
আমি নেপাওঁহে যেনিবা বুজি
বেথা লগাইছে চা
বাগি মাৰিছে চা
কিনো মিচায়ে কিল খাই খুজি হে মাগিছা !
বোলো কেনে ?
পুৰুষ: হয়নে মানুহ মৰে কৈ
(আইকন) চৰাই মৰে ৰৈ
মানুহ মৰে কৈ
(আইকন) চৰাই মৰে ৰৈ
আগ গুনিবি পাছ গুনিবি
তেহে দিবি খোজ
কেলৈ হ’ৱ আঁকোৰগোজ
অ’ তেহে দিবি খোজ
কেলৈ হ’ৱ আঁকোৰগোজ
নাৰী: আয়ৈ কথা কৈছে চা !
পুৰুষ: কাক বুলিলো কোনে নিজে গাত পাতি ললে চা
জালকে
বুলিলে জকাই এতিয়া মজাতো পা ৷
নাৰী: পখী বনৰীয়া পাখি বৰণীয়া
দেখি ধৰি ৰাখিবলে মন
হাতো নেমেলিবা
মাতো নেমাতিবা
দেখি লেখি নেথাকিবা সোণ নেথাকিবা
বোলো কেনে ?
পুৰুষ: (হয়নে) হাতো মেলা নাই
এইবাৰ মাতো মতা নাই
হাতো মেলা নাই
এইবাৰ মাতো মতা নাই
পখীৰ ৰূপ দেখি আমি ভোলো যোৱা নাই
আমাক নালাগে চৰাই
আমি
ভোলো যোৱা নাই
আমাক নালাগে চৰাই
নাৰী: আয়ৈ কেনে কৰে চা !
পুৰুষ: কাক বুলিলো কোনে নিজে
গাত
পাতি ললে চা
জালকে
বুলিলে জকাই
এতিয়া
মজাতো পা ,
কাক বুলিলো কোনে নিজে
গাত
পাতি ললে চা
জালকে
বুলিলে জকাই
এতিয়া
মজাতো পা ৷৷
বোলছবি: আজলি
নবৌ
গায়ক: দ্বীপেন বৰুৱা (দ্বৈত
কন্ঠত)
সংগীত পৰিচালক: ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:-
গীতটো শুনি লিখা,কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment