ভূ:হা: যদি বিচৰা নাই পোনাৰ মাক
ভালে ভালে মাত মাত
পু:স: যদি বিচৰা নাই পোনাৰ মাক
ভালে ভালে মাত মাত
ভূ:হা:
কৈ দিলো মই
পু:স: নহ’লে কথা হ’ব বেয়া
ভূ:হা: মাক জনী হৈ নেপাৱ গম
জীয়েৰে নো কলৈ গ’ল
জীয়েৰে নো কলৈ গ’ল
ভূ:হা: বিহু তলীত পালো মই
পু:স: বিহু তলীত পালো মই দেখা
নাৰী: পৰকতি লৰা বুঢ়াৰ জাত
লগা নাই ক’বলৈ লাজ
লগা নাই ক’বলৈ লাজ
নাৰী: বুঢ়াটো হৈ চালি গৈ গাভৰুৰে
না:স: চালিগৈ গাভৰুৰে মেলা
নাতিৰে মুখ চাবৰে হ’ল [পু:স:→ অ’ হা: হা:]
না:স: চেঙেলীয়া হৈ আছে মন
নাতিৰে মুখ চাবৰে হ’ল
নাৰী: কালিলৈকে বুলিব
না:স: কালিলৈকে বুলিব ককা [পু:স:→ অ’ হা: হা:]
পু:স: হুৰ ..........
ভূ:হা: পৰ জহত খোৱা তিৰি জাত
পু:স: পৰ জহত খোৱা তিৰি জাত
মনে মনে বহি থাক
ভূ:হা:
বাঢ়িছ তই বেছিকৈ কিছুদিনৰ
ভূ:হা: কেনেবাকৈ পালেই চল
চেপিবলৈ খোজ গল
চেপিবলৈ খোজ গল
ভূ:হা: বিচাৰিছ পাবলৈ
পু:স:
বিচাৰিছ পাবলৈ মজা
নাৰী: বৰকৈ ফুটিছে মতাৰ মাত
ৰহ বাপেকে পাবি ছাট্
না:স:
বৰকৈ ফুটিছে মতাৰ মাত
নাৰী: কি ভাৱ তই
আজিয়ে যাব পাৰো
নাৰী: শালিব নাজান কুঠাৰখন
শাকনি ও পৰিল ছন
না:স: শালিব নাজান কুঠাৰখন
শাকনি ও পৰিল ছন
না:স: জুহালত দগদকুৱা ৰঙা
পু:স: যদি বিচৰা নাই পোনাৰ মাক
ভালে ভালে মাত মাত
যদি বিচৰা নাই পোনাৰ মাক
কৈ দিলো মই
নহ’লে কথা হ’ব
নহ’লে কথা হ’ব বেয়া
এপইচা দুপইচা পা পইচা
বুঢ়া বুঢ়ীৰ কামাল চা
এপইচা দুপইচা পা পইচা
বুঢ়া বুঢ়ীৰ কামাল চা
বুঢ়ালৈ যিমান বুঢ়ীৰ মৰম
কথাটো মন কৰি চা
কথাটো মন কৰি চা
ঘুৰি ঘুৰি চোৱা ভাই
ঘুৰি ঘুৰি চোৱা ভাই
বুঢ়ীৰে গাল ৰঙাহৈ
বুঢ়ীৰে গাল ৰঙাহৈ পৰে
বুঢ়ীৰে গাল ৰঙাহৈ
বুঢ়ীৰে গাল ৰঙাহৈ পৰে
বুঢ়ীৰে গাল ৰঙাহৈ
বুঢ়ীৰে গাল ৰঙাহৈ পৰে ৷৷
(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment