অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

কাহিনী এটি লিখাঁ


কাহিনী এটি লিখা
সেৱাৰে বিষয়ে...!
কৈছিলোঁ বহু
বহু বাৰ ... !
বন্ধু  লিখক
তুমি নুশুনিলা
দেখুৱালা মাথোঁ অহঙ্কাৰ
কাহিনী এটি লিখাঁ
সেৱাৰে বিষয়ে...!
কৈছিলোঁ বহু
বহু বাৰ ... !

সঁচা নায়ক বিচাৰি বিচাৰি.!
তাহানি যে আহিছিলা লৱৰি
ময়োঁ দেখোন মানৱ ইতিহাসৰ
কথা কলো নিজকে পাহৰি..
তেতিয়াতো তুমি লিখি গলা
মিছা কথা অন্য নায়কৰ
বন্ধু লিখক তোমাৰ লিখা খিনি
মিছা কথা মিছা কল্পনাৰ !
কাহিনী এটি লিখাঁ
সেৱাৰে বিষয়ে...!
কৈছিলোঁ বহু
বহু বাৰ ... !

যি কাহিনী তুমি নিলিখিলা
তাক ইতিহাসত সময়ে লিখিলে
মোৰেই মাজত সহস্র মানৱৰ
যুঁজৰ জোৱাৰ তুমি নেদেখিলাঁ !!

নিজৰিকাপ নিজৰি নিজৰি
তোমাৰ ভাষাও পাৰিলে ভাগৰি
ময়োঁ আজি ক্ষণ ক্ষতি কৰি
নেযাওঁ আৰু তোমাকে বিচাৰি
নেযাওঁ আৰু শত কাবৌ কৰি
বলৈ আৰু এটিবাৰ
বন্ধু লিখক তোমাৰ লিখাখিনি
মিছা কথা মিছা কল্পনাৰ !
কাহিনী এটি লিখাঁ
সেৱাৰে বিষয়ে...!
কৈছিলোঁ বহু
বহু বাৰ ... ।।
-
(কলকাতা: ২ জুলাই ১৯৬৪ চন )
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: