কঁহুৱা কোমল
উশাহ মোৰ
বন্ধ হ’ব খুজিছে
বন্ধ আকাশ গলি
গলিছে
বন্দিনী ৰূপে
আহিছে ৷৷
উশাহ কিহৰ
মিঠা মৰমৰ
আকাশ কিহৰ
মিঠা প্রণয়ৰ
ব্যাখ্যা কৰাৰ
চেষ্ঠা মিঠা
পিছে দুটি
প্রানৰ এতি প্রনয়ৰ
সঙ্গম আৰু মিঠা
উন্মুক্ত আকাশ
গলি গলি যেন
আলি ! ন
হৈ পৰিছে ৷৷
যুগ – যুগান্তৰৰ মিলন বাসনাই
মিঠা আমনি কৰিছে
কিছু আশা কিছু
নিৰাশা
প্রকাশবিহীন হৈ
পৰিছে ৷৷
(কথাছবি: মা, ১৯৮৩ চন )
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment