নাৰী: ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
দুয়ো: ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
নাৰী: লুইতপৰীয়া ভাই-ভনীৰ লোৱা নমস্কাৰ হে !
দুয়ো: ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ ৷
ভূ:হা: শুৱলা কাৰবি ভাষাত হে ..কাৰ্বি মানে পাহাৰ !
আৰ্লেং মানে মানুহ আৰু স্বজাতি আমাৰ হে !
দুয়ো: ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
নাৰী: ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ভূ:হা: কাৰ অৰ্থে পোহৰ আৰু বি মানে কৰ্ম্ম
কাৰবি জাতিৰ আদৰ্শ হ’ল কৰ্ম্ম মানে
ধৰ্ম্ম হে
দুয়ো: ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
নাৰী: ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ভূ:হা: হে দেৱতাৰ পূজাৰ বেদীত হে শৰাই আগ বঢ়ায়
সেহি প্রথাক ‘থেকাৰকিবি’ বুলি জনা যায় হে৷
দুয়ো: ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
নাৰী: ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ভূ:হা: এ কালক্রমত এহি শব্দৰ ‘থে’ লুপ্ত হয়
‘কি’ শব্দ লুপ্ত হৈ কাৰবি মাথোঁ ৰয় হে !
দুয়ো: ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
নাৰী: ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ভূ:হা: উনৈছ শ একাৱন্ন চনত হে নিজেই শাসন কৰা
জিলা প্রথক কৰা এহি সত্তৰ চনৰ পৰা হে !
দুয়ো: ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ভূ:হা: লুইতপৰীয়া ভাই-ভনীৰ লোৱা নমস্কাৰ হে !
দুয়ো: ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
কথা:
ভূ:হা: ছয়সত্তৰৰ অক্টোবৰৰ চৈধ্য দিন গৈলা
জিলাৰ নাম কাৰবি আংলং হৈলা
এনেদিনত ছেনচন ছিঙৰ হৈলা আৱিৰ্ভাৱ
জাতিৰ খনিকৰ হৈ বিস্তাৰে প্রভাৱ
চমাংকান উৎসাৱত নাচ চমাঙকান হয়
ডেকা গাভৰুৱে নাচি ধৰিত্রী কঁপায় ,
ৰং বং তেৰাং আৰু ৰংপি কতজনে
আমাক বুকুত সাৱটি সপোন ৰহণ সানে ৷
গীত:
ভূ:হা: ভাইটি ছামছিঙৰ হে হাইমু কাহিনী
লুইতপৰীয়া সহস্রই আজি পালে চিনি হেই
দুয়ো: ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ভূ:হা: এ
ৰংবঙে সোঁৱৰাই
কাৰবিৰে দান
ৰংমিলিৰ হাঁহি হৈলা চিৰ জ্যোতিষ্মান হেই
দুয়ো: ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ভূ:হা: আজি লাংহিনা নগৰ হে ভৈলা জাতিষ্কাৰ
গীতিকাৰ ভূপেন্দ্রই যাচে নমস্কাৰ
দুয়ো: ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
লুইতপৰীয়া ভাই-ভনীৰ লোৱা নমস্কাৰ হে !
ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ ৷৷
(ডিফু,১৯৮২)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment