অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

সংগ্রাম যদি জীৱনৰ এটি নাম


সংগ্রাম যদি জীৱনৰ এটি নাম
(সেই) সংগ্রাম হওক তোৰ প্রিয়
দুই হাতে চকু দুটি ঢাকি ধৰি তই
অকলে উচুপনো কিয় ?
আঘাতেই যদি তোৰ জীৱন পথত
নিতে নিতে সহচৰ হয়
বেদনাই যদি নিষ্ঠুৰভাৱে
অকালতে আনে পৰাজয়
(তেনে) সংগ্রাম কৰি কৰি আকাশলে চাই
থিয় তই নহৱনো কিয় ?
চহৰে নগৰে গাঁৱে পথে-ঘাটে পথাৰে
সমদল দেখিছ নে নাই
তোৰ দৰে হেজাৰে চিঞ্চৰি চিঞ্চৰি সৌৱা
আগবাঢ়ে পৃথিৱী কঁপাই
যি তই নাপালি, কাঢ়ি কিয় নানিলি
ইঙ্গিত নুবুজাটো হৱ !

(মোম্বাই, দহ আগষ্ট ১৯৮০ চন)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: