অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অ’ বিহুৰেনো বিৰিণা


বিহুৰেনো বিৰিণা... অ আইতা
নাচনীৰ কলাফুল লৰে

বিহুৰেনো বিৰিণা ... অ আইতা
কেৰুমণি থুৰীয়া
পাতে সমনীয়া ... অ আইতা
তুমি আমাৰ যুৰিয়া
হাগতে পাতি যাওঁ বিয়া অ ... আইতা
কেৰুমণি গেজেৰা ... নেমাৰিবা কেতেৰা
চায়ে নো চাই থাকিবৰ .... আইতা
চায়ে নো চাই থাকিবৰ মন ৷

শলগুৰি বাগিচাত .. অননি অ বননি
তাতেনো নবহিলে মন ৷
সুমলাৰ তাঁতৰ শাল
 সোণাপুৰ ঐ নগৰখন
সোণাপুৰ ঐ নগৰখন
তাতেহে ..
তাতেহে ..
তাতেহে মোৰ বহি গ
মন হে আইতা
নিমাতী ঐ
কেলেই দিছাঁ নিমাতী ঐ
কেলেই দিছাঁ, কেলেই দিছাঁ,
কেলেই দিছাঁ যৌৱনত ভৰি ?

বা- বাগিচাৰ চা-চাকৰি
নে-নেলাগে লা- লাহৰি
নে- নেলাগে পলকৰ ধন !

ত-তইয়ে ধানে দাৰি
ম-মইয়ে হালে বামে
ম-মইয়ে হালে বামে
সে- সেয়ে হব জী-জীৱনৰ ধন ৷

আইকণ তোৰ ঘৰ সিপাৰত- আইকণ
আইকণ মোৰ ঘৰ ইপাৰত
আকৌ আইকণ দেহি ঐ
তুমি যাব ঘাটলৈ
মই থাকিম বাটলৈ চাই ৷

এনেনো ভাল লাগে আইতা
এনেনো ভাল লাগে
মুখলৈনো কিনো চাবা
পূৰ্ণিমাৰে জোনে ৷
  এনেনো ভাল লাগে আইতা
এনেনো ভাল লাগে
 চকুলৈনো কিনো চাবা
 সৰগৰে তৰা ...৷
এনেনো ভাল লাগে আইতা
এনেনো ভাল লাগে
নাকলৈনো কিনো চাবা
তিলফুলে নাকে ৷
এনেনো ভাল লাগে আইতা
 এনেনো ভাল লাগে
দাঁতলৈনো কিনো চাবা
ডালিমৰে গুটি ৷
এনেনো ভাল লাগে আইতা
এনেনো ভাল লাগে
এনেনো ভাল লাগে আইতা
এনেনো ভাল লাগে ৷

(গুৱাহাটী : ১৯৬৮ চন)
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া

No comments: