দুয়ো: আহিছে আজি
নৱ জীৱনৰ ঢল
জাগিছে
আজি মৰণ জয়ী দল
আহিছে
আজি নৱ জীৱনৰ ঢল
নাৰী: অসমবাৰীৰ
সন্তানটো জাগে
ভূ:হা: মাতৃ পদত
বিজয় আশীষ মাগে
দুয়ো: অসমবাৰীৰ সন্তানটো
জাগে
মাতৃ
পদত বিজয় আশীষ মাগে
উঠে
চৌদিশে বিশ্ব কঁপাই
উঠে
চৌদিশে বিশ্ব কঁপাই
জয়ধ্বনিৰ
কোলাহ’ল ...!
জ..য়
জয় জ..য় জয়
অসমবাৰীৰ
জয় ...!
আহিছে
আজি নৱ জীৱনৰ ঢল
জাগিছে
আজি মৰণ জয়ী দল
আহিছে
আজি নৱ জীৱনৰ ঢল ...৷
ভূ:হা: মৰণজয়ীৰ
মৃত্যুৰ ভয় নাই..
যায়
আগবাঢ়ি জীৱনৰ জয় গায়..
দুয়ো: মৰণজয়ীৰ
মৃত্যুৰ ভয় নাই..
যায়
আগবাঢ়ি জীৱনৰ জয় গায়..
কেঁচা
কলিজাৰ তপত তেজৰ ঢল..
জননি
পূজাৰ গৃহক উপচাই..
কেঁচা
কলিজাৰ তপত তেজৰ ঢল..
জননি
পূজাৰ গৃহক উপচাই..
ব’লা সমুখলৈ বিঘিনি গুচাই
ব’লা সমুখলৈ বিঘিনি গুচাই
জয়যাত্রাৰ
সমদল ....!
জ য়
জয় জ য় জয়
অসমবাৰীৰ
জয় ...!
জ য়
জয় জ য় জয়
অসমবাৰীৰ
জয় ...!
জ য়
জয় জ য় জয়
অসমবাৰীৰ
জয় .......৷৷
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত দ্বৈত কন্ঠৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment