আজি কি আনন্দ
পেখোঁ বিশ্বৰ ছন্দত ৷
পূৰ্ণ হৈলা এক
শতাব্দী বাণৰে মঞ্চত হে’ ৷৷
ওঠৰশ ছয়ানব্বৈত
হে’ লক্ষ্মীকান্তৰ গৃহত ৷
পূজা পাতি
হৰিশ্চন্দ্র কৰে অভিনীত হে’ ৷৷
আজি কি আনন্দ
পেখোঁ বিশ্বৰে ছন্দত ৷
পূৰ্ণ হৈলা এক
শতাব্দী বাণৰে মঞ্চত হে ৷৷
ঊনৈশ শ তিনি চনত
হয় পাৰ্টি এমেচাৰ ৷
‘ভ্রমৰঙ্গ’ ‘জয়মতী’ ৰ পাতে থিয়েটাৰ হে’ ৷৷
আজি কি আনন্দ
পেখোঁ বিশ্বৰ ছন্দত ৷
পূৰ্ণ হৈলা এক
শতাব্দী বাণৰে মঞ্চত হে’ ৷৷
‘মহৰী’ নামৰ নাট্য হে’ এদিন মঞ্চস্থ ভৈলা ৷
ভৱানীৰ গৃহে ‘সীতাৰ বনবাস’ হৈলা হে’ ৷৷
আজি কি আনন্দ
পেখোঁ বিশ্বৰ ছন্দত ৷
পূৰ্ণ হৈলা এক
শতাব্দী বাণৰে মঞ্চত হে’ ৷৷
ঊনৈশ শ ত্রিশ চনত
হে’ এক ৰঙ্গমঞ্চ হৈলা ৷
শ্রীমন্ত শঙ্কৰৰ
নামে নামকৰণ কৈলা হে’ ৷৷
বহু বহু বছৰ ধৰি
হে’ বিদ্যুৎ শক্তি নাই ৷
আৰিয়া ব্যৱহাৰ
কৰি নাটক উজলায় হে’ ৷৷
তেজপুৰত নাতঘৰ
হে’ এহি দৰেই হৈলা ৷
জ্যোতি , বিষ্ণু, ফণী শৰ্ম্মাই সৰগ ৰচিলা হে’ ৷৷
আজি কি আনন্দ
পেখোঁ বিশ্বৰ ছন্দত ৷
পূৰ্ণ হৈলা এক
শতাব্দী বাণৰে মঞ্চত হে’ ৷৷
দেশী-বিদেশী
যন্ত্র-সঙ্গীত একেলগ কৰিলা ৷
মঞ্চৰ আগত গাঁত
খান্দি অৰ্কেষ্ট্রা ৰচিলা হে’ ৷৷
ইটৌ বছৰ সিটো
বছৰ সোণালী বছৰ ৷
যুগে যুগে বাচি
থাওক বাণ থিয়েটাৰ হে’ ৷৷
পৰীক্ষা নিৰীক্ষা
কৰি বিবিধ নাটৰ ৷
দীৰ্ঘজীৱী হওক
আমাৰ বাণ থিয়েটাৰ হে’ ৷৷
আজি কি আনন্দ
পেখোঁ বিশ্বৰ ছন্দত ৷
পূৰ্ণ হৈলা এক
শতাব্দী বাণৰে মঞ্চত হে’ ৷৷
নতুম নতুন
নাট্যকাৰ নিজে ওলাওক ৷
বিশ্বনাটৰ
সভাগৃহত জ্যোতিষ্মান হওক হে’ ৷৷
আজি এহি ৰচনাতে
বহুদোষ ৰৈলা ৷
লেখক ভূপেন্দ্রই
আজি ক্ষমাহে মাগিলা হে’ ৷৷
(তেজপুৰ: ১ ছেপ্টেম্বৰ, ২০০৫ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment