এই ভিজা ভিজা
ৰাতি
এই জীৱন জোখা
ৰাতি
মিজ হাতে জুখিম
বুলি
ল’লো দুখৰ মালা গাঁথি ৷৷
জীৱন মানেই ৰং
নহয়
জীৱন মানেই চং
নহয়
সংগ্রামৰে
কাঁইটীয়া
বাট ল’লো কাটি কাটি ৷৷
প্রতিটো ক্ষণ
ভয়াল ৰণ
নিজ মনেই ল’লো মাতি
ঠেকি ঠেকি
শিকি শিকি
কৰিলোঁ পান বিষৰ
বাটি,
বিচাৰিছিলো জীৱন
ফুল
বুটলিলোঁ
প্রচণ্ড ভুল
যি হিচাপতে হ’ল ঘাটি ৷৷
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment