চামেলি : অসম দেশৰ বাগিচাৰে ছোৱালী
ঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালি
!
হে’ লছমী নহয় মোৰে নাম
চামেলি
হে’ লছমী নহয় মোৰে নাম চামেলি
অসম দেশৰ বাগিচাৰে ছোৱালী
ঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালি
!
হে’ লছমী নহয় মোৰে নাম
চামেলি
লছমী নহয় মোৰে নাম চামেলি
শিৰীষ তলে ধৰ্বি পাহি
পাতা লম্বা পাবি ব’লি
শিৰীষ তলে ধৰ্বি পাহি
পাতা লম্বা পাবি ব’লি
নাকে পিন্ধি নাকফুলি জোৱান ভুলালি
নাকে পিন্ধি নাকফুলি জোৱান ভুলালি
হে’ চম্পা নহয় মোৰে নাম চামেলি
চম্পা নহয় মোৰে নাম চামেলি
অসম দেশৰ বাগিচাৰে ছোৱালী
ঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালি
!
হে’ লছমী নহয় মোৰে নাম
চামেলি
লছমী নহয় মোৰে নাম চামেলি ৷
বাৰ মাসেৰ বাৰ ফুল
ভাদৰ মাসেৰ কেয়াৰে
কিবা দৰে ছাড়ে গেল’
অভাগিনী পিয়াৰে
অ’ অভাগিনী পিয়াৰে !
বাৰ মাসেৰ বাৰ ফুল
ভাদৰ মাসেৰ কেয়াৰে
কিবা দৰে ছাড়ে গেল’
অভাগিনী পিয়াৰে
অ’ অভাগিনী পিয়াৰে ৷
ছট’ ছত’ ছোকড়ী
বৰ বৰ টুক্ ৰী
নৰম সবুজ পাতা
তলে ডগ্ ডগ্
জোৱান বুঢ়াৰ আখি দেখ্
কৰে লক্ লক্
ছট’ ছট’ বুকখানা কৰে ঢক্ ঢক্;
কি ভাবিস ঐ হামাৰ চাহেলী
মনে ৰাখ মোৰ নাম .. চামেলী !!
এ’ বাপ-দাদা আছিলে কোনোবা মুলুকত
পিচে আমি বিহু গাব জানো ....
এ’....
হাঁহে হৈ চৰিমগৈ অ’ মইনা
তোমাৰেনো পুখুৰীত
তোমাৰেনো পুখুৰীত
এ’ পাৰ হৈনো পৰিমগৈ চালত;
হে'....
ঘামে হৈ সোমামগৈ অ’ মইনা
তোমাৰেনো শৰীৰত
তোমাৰেনো শৰীৰত
হে মাখি হৈনো চুমা দিম গালত ৷
ভাদৰ মাসত ধম্ ধমা ধম্
কৰম পূজাত ধম্ ধমা ধম্
বাজাও আমি ধম্ ধমা ধম্
মাদল চাওতালী ,
ভাদৰ মাসত ধম্ ধমা ধম্
কৰম পূজাত ধম্ ধমা ধম্
বাজাও আমি ধম্ ধমা ধম্
মাদল চাওতালী ৷
মগলু : এই মুখাপিন্ধা, তই কোন ছোৱালী ৰে
আৰে’ বীৰবলৰ বেটি তই কি হান্টাৰৱালী
নে পিস্তলৱালী !
আৰে পাগলী !
চামেলি : ওঁ-হুঁ ,
পাগলী নহয় মোৰে
নাম চামেলি
বীৰবলেৰ বেটী মোৰ
নাম চামেলি
অসম দেশৰ বাগিচাৰে ছোৱালী
ঝুমুৰ-টুমুৰ নাচি
কৰোঁ ধেমালি !
হে’ লছমী নহয় মোৰে নাম
চামেলি
বীৰবলেৰ বেটী মোৰ
নাম চামেলি
অসম দেশত আমি ফুৰো
উমলি !
হে'.......
চৰ্দ্দাৰ ব’লে কাম কাম
বাবু ব’লে ধৰি আন
চাহেব ব’লে লিব পিঠেৰ ছাম
অ’ বিদেশী শ্যাম
ফাঁকি দিয়ে আনিল' আসাম ৷৷
(কথাছবি : চামেলি মেমচাব , ১৯৭৮ চন )
(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত)
ইউনিক'ডীয় ৰূপান্তৰ : দিগন্ত শইকীয়া
No comments:
Post a Comment