ভূ:হা:
কথা: ১৯৪৮ চনত জ্যোতি দুৰাৰোগ্য ৰোগত ভুগি চিলংৰপৰা বিদায় মাগিছে, তেজপুৰলৈ উভতি আহিছে জীপ এখনত ৷ জীপখন চলাইছে শ্রদ্ধেয় তৰুন আগৰৱালাদেৱে, লগতে কম্বল এখনি মেৰিয়াই মই কাষতে বহি আছোঁ জ্যোতি ককাইদেউৰ , নংপোত চাহ খাই থাকোতে ওচৰৰে বাঁহ এজুপিৰ গজাঁলিলৈ আঙুলিয়াই কৈছে, ‘ভূপেন , এই ওখ বাঁহ জুপি কোনোবাই কাঁটি নিব, নিয়ক .. সৌ গজাঁলি সমুহে পুনৰ আকাশৰ ফালে লহপহকৈ ঢাপলি মেলিব’ .. ৷ জীপ চলি আছে .. লক্ষস্থান তেজপুৰ ৷ ‘সোঁৱৰণি’ নামৰ এই কবিতাটিত তেওঁ কঠিন সুৰ এটাও দি গৈছে , প্রাণৰ অগনি শাঁত কৰিব বিচাৰিছে ; নিৰ্বাক অতীতক চিৰযুগমীয়া কৰিছে, পাহৰণি পদুমৰ মন্ত্রপুত পাহি মেলিবৰ আপ্রাণ চেষ্ঠা কৰিছে , সোঁৱৰণি.. অ’ সোঁৱৰণি ৷
গীত:-
অ’ ....
অ’ ....
সোঁৱৰণি .. সোঁৱৰণি .... সোঁৱৰণি ....
অ’ ....
অ’ ....
অ’ সোঁৱৰণি ..
সমিধান দিয়া
শাঁত কৰি ..
প্রাণৰে.. অগনি ..
নিৰ্বাক অতীতৰ
গোপন কুঁঞ্জয়েদি
আহা.. মোৰ সনা.. সোঁৱৰণি..
উৰুৱাই মনৰ মাজলে ... !
সুবৰ্ণৰে.. পখী ... !
পাহৰণি পদুমৰ ...
মন্ত্রপুত পাহি
মেলি মেলি ...
নিৰ্বাক অতীতৰ গোপন কুঁঞ্জয়েদি ..
আহা মোৰ সনা.. সোঁৱৰণি..
উৰুৱাই মনৰ মাজলে ... !
সুবৰ্ণৰে পখী ... !
পাহৰণি পদুমৰ ...
মন্ত্রদূত পাহি মেলি মেলি ...
অ’ সোঁৱৰণি ... ৷৷
(জ্যোতিপ্ৰসাদদেৱৰ ৰচিত ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment