নায়ক: কোন চিত্রলেখীয়ে এয়া ছবি আঁকে ?
চাওঁ, ছবিত নো কোন ৰাজকোঁৱৰ থাকে ?
(ময়েই থাকিম
নিশ্চয় ৷)
নায়িকা: (ই: বৰ অনিৰূদ্ধ কোঁৱৰ ওলাইছে !)
মোক পাবলৈ তুমি
কিয় হাবাথুৰি খোৱাঁ ?
মই গগনৰ চন্দ্র
ঢুকিকে নোপোৱা ৷
নায়ক : তুমি যদি চন্দ্রমা মই সূৰ্য্য
অ’ চন্দ্রবদনী তুমি কোমল জোনাক
সূৰুযৰ জ্যোতি
হৈ চুমিম তোমাক ৷
নায়িকা: খহনীয়া নৈ, চেঙেলীয়া পানী
বৈ মোৰ উটায়
পৰাণ ৷
নায়ক: তোমাৰেই নৈতে কৰোঁ শতবাৰ
সুমধুৰ
মুক্তিস্নান ৷
মোৰ মন গহনলৈ
তুমি আমন্ত্রিত ৷
নায়িকা: সেই আৱেশতে মোৰ বুকু স্পন্দিত
মন মোৰ হ’ল আলপনা
কোনেনো তুলিকা বোলায় ৷
নায়ক: তোমাৰ আলপনা নিমজ স্নিগ্ধ
কামদেৱ পিছলি
যায় ৷
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত
শইকীয়া)
No comments:
Post a Comment