অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

বিশ্ব বিজয় নজোৱান


[কথা:- ১৯৩৮-১৯৩৯ ৰ কথা, বাপুজী মহাত্মা গান্ধীয়ে দেশখন স্বধীনতাৰ বাবে জগাই তুলিছে, তাৰ ৰেকৰ্ডিং হৈছে কলিকতাৰ অৰোৰা ফ্লিম কৰ্পাৰেচনত ৷ প্লে-বেক চিষ্টেম আৰম্ভ হোৱাই নাই তেতিয়া, গতিকে তেৰ বছৰীয়া মোক ভলেন্টিয়াৰৰ সাজ-পোচাক পিন্ধাই গোৱাইছে .. বিশ্ব বিজয় নজোৱান .. বিশ্ব বিজয় নজোৱান ৷ এই গীতটো ১৯৪২ চনৰ অভূতপূৰ্ব অগ্নি আন্দোলনত সমগ্র ভাৰত বাসীক স্থম্ভিত কৰিছিল.. আজিও ই অৰ্থপূৰ্ণ ]

গীত:-
বিশ্ব বিজয় নজোৱান
বিশ্ব বিজয় নজোৱান
শক্তিশালী ভাৰতৰ ...
শক্তিশালী ভাৰতৰ
ওলাই আহা ওলাই আহা
সন্তান তুমি বিপ্লৱৰ,
বিশ্ব বিজয় নজোৱান..
বিশ্ব বিজয় নজোৱান,
বিশ্ব বিজয় নজোৱান..
বিশ্ব বিজয় নজোৱান ৷

সমুখ সমৰ ভয় নকৰিবি
মুক্তি যুজাৰু হুচিয়াৰ ..!
সমুখ সমৰ ভয় নকৰিবি
মুক্তি যুজাৰু হুচিয়াৰ .. !
মৃত্যু বিজয় কৰিব লাগিব
স্বাধীনতাৰ খুলি দুৱাৰ
মৃত্যু বিজয় কৰিব লাগিব
স্বাধীনতাৰ খুলি দুৱাৰ
বিশ্ব বিজয় নজোৱান..
বিশ্ব বিজয় নজোৱান,
বিশ্ব বিজয় নজোৱান..
বিশ্ব বিজয় নজোৱান ৷

অগ্নিবৃষ্টি আহিব লাগিছে
গৰজে বৰ্জ্রপাত
অগ্নিবৃষ্টি আহিব লাগিছে
গৰজে বৰ্জ্রপাত
শিলাবৃষ্টি ভূমিকম্প
ব উল্কাপাত
শিলাবৃষ্টি ভূমিকম্প
ব উল্কাপাত
বিশ্ব বিজয় নজোৱান...
বিশ্ব বিজয় নজোৱান,
বিশ্ব বিজয় নজোৱান...
বিশ্ব বিজয় নজোৱান,
শক্তিশালী ভাৰতৰ ...
শক্তিশালী ভাৰতৰ
ওলাই আহা ওলাই আহা
সন্তান তুমি বিপ্লৱৰ
বিশ্ব বিজয় নজোৱান..
বিশ্ব বিজয় নজোৱান,
বিশ্ব বিজয় নজোৱান...
বিশ্ব বিজয় নজোৱান ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: