[কথা:- বানপানীৰ আৰু শেষ নাই.. অসমত প্রতি বাৰিষা হেজাৰ হেজাৰ
খেতিয়কৰ পথাৰ বুৰি যায় ৷ হুদুৱে ভেটি মাটি খুন্দে গভীৰ নিশাত... আৰু অকলশৰীয়া
নাৱৰীয়াই তেতিয়া গায় .. ভৰা বাৰিষাৰ বানে .. খহাই নিলে গাঁও]
গীত:-
ভৰা বাৰিষাৰ
বানে…
খহাই নিলে গাঁও
পাৰতে উচুপি
কান্দে..
দুখীয়াৰ ছাঁও ভৰা বাৰিষাতে
ভৰা বাৰিষাতে ৷
ভৰা বাৰিষাৰ
বানে…
খহাই নিলে গাঁও..
বানপানীয়ে ঘৰৰ
চালে পানী কাটি নিয়ে…
বানপানীয়ে ঘৰৰ
চালে
পানী কাটি নিয়ে…
আহুধানৰ আলিটিৰ
ভেটা ভাঙি নিয়ে
ভৰা বাৰিষাতে
ভৰা বাৰিষাতে ৷
ভৰা বাৰিষাৰ
বানে…
খহাই নিলে গাঁও..
নাতি পুতিক আঁকোৱালি
বুঢ়ীআয়ে কান্দে..
নাতি পুতিক আঁকোৱালি বুঢ়ীআয়ে কান্দে...
অ’ হুদুটিয়ে গছে আগত
ভেটি মাটি
খুন্দে
ভৰা বাৰিষাতে
ভৰা বাৰিষাতে ৷
ভৰা বাৰিষাৰ
বানে…
খহাই নিলে গাঁও..
খেৰৰ পঁজাৰ চাল কেখন
উটি উটি যায়...
খেৰৰ পঁজাৰ চাল কেখন
উটি উটি যায়...
অ’ তাতে বহি চিলনীয়ে
কিবা নাম গায় ভৰা
বাৰিষাতে
ভৰা বাৰিষাতে ৷
ভৰা বাৰিষাৰ
বানে…
খহাই নিলে গাঁও..
হেজাৰ হেজাৰ
খেতিয়কৰ
পথাৰ বুৰি গ’ল...
হেজাৰ হেজাৰ
খেতিয়কৰ পথাৰ বুৰি গ’ল. !
এ’ গাঁৱৰে কঠীয়াতলীৰ সপোন ভাগি গ’ল
ভৰা বাৰিষাতে
ভৰা বাৰিষাতে ,
ভৰা বাৰিষাৰ
বানে…
খহাই নিলে গাঁও ৷
পাৰতে উচুপি
কান্দে..
দুখীয়াৰ ছাও ভৰা
বাৰিষাতে
ভৰা বাৰিষাতে ৷
ভৰা বাৰিষাৰ
বানে…
খহাই নিলে গাঁও.. ৷৷
(ছয়গাঁৱত বহা কৃষক সন্মিলনৰ বাবে ৰচা , ১৯৫৪)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment